NORTHEAST NOW (Assamese)
অসম

বিগত ২৪ ঘণ্টাত ৬৭,৭০৮ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ৭৩ লাখ অতিক্ৰম মুঠ আক্ৰান্তৰ সংখ্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 15, 2020 11:03 am

ভাৰতত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৭০ লাখৰ ঘৰ।

প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ এই ভাইৰাছবিধত আক্ৰান্ত হৈছে।

ভাৰতত যোৱা ২৪ ঘণ্টাত ৬৭,৭০৮ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰ ফলত ভাৰতত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৭৩,০৭,০৯৮ লৈ বৃদ্ধি পালে।

আনহাতে বিগত ২৪ ঘণ্টাত দেশৰ ৬৮০ গৰাকী লোকৰ ক’ৰ’নাৰ ফলত মৃত্যু ঘটিছে। মুঠ মৃতকৰ সংখ্যা বৃদ্ধি পাই হ’লগৈ ১,১১,২৬৬ গৰাকী।

বৰ্তমান ভাৰতত ৮,১২,৩৯০ গৰাকী লোক সক্ৰিয় হৈ থকাৰ বিপৰীতে ৬৩,৮৩,৪৪২ গৰাকী লোক ক’ৰ’নামুক্ত হৈছে। এই তথ্য আগবঢ়াইছে দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে।

উল্লেখ্য যে দেশত যোৱা দুমাহৰ মূৰত মঙলবাৰে ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৬০ হাজৰৰ তলত নামিছিল।

ইফালে, আই চি এম আৰে জনোৱা মতে দেশত এই পৰ্যন্ত ৯,১২,২৬,৩০৫ গৰাকী লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে। ইয়াৰে ১১,৩৬,১৮৩ গৰাকী লোকৰ টেষ্ট কৰা হৈছিল বুধবাৰে।