NORTHEAST NOW (Assamese)
Popular Stories

এনৰিক নৰ্কিয়াই ভংগ কৰিলে আই পি এল ইতিহাসৰ সৰ্বোচ্চ বেগী বলৰ অভিলেখ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 15, 2020 9:58 am

বুধবাৰে অনুষ্ঠিত হোৱা আই পি এলৰ এখন মেচত দিল্লী কেপিটেলছৰ বেগী বলাৰ এনৰিক নৰ্কিয়াই আই পি এল ইতিহাসৰ সৰ্বোচ্চ বেগী বলৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে নৰ্কিয়া ১৫৬.২ কিলোমিটাৰ প্ৰতি ঘণ্টাত বল কৰি ৮ বছৰ পূৰ্বে ডেল ষ্টেইন গঢ়া অভিলেখটো ভংগ কৰে।

ষ্টেইনে আই পি এলত ১৫৪.৪ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত বল কৰি সৰ্বোচ্চ গতি বেগৰ অভিলেখ গঢ়িছিল।

উল্লেখ্য যে নৰ্কিয়াই ই নিংছৰ তৃতীয় অভাৰত এই বলটো কৰিছিল। ১৫৬.২২ কিলোমিটাৰ প্ৰতি ঘণ্টাত কৰা বলটোত অৱশ্যে ৰাজস্থানৰ বেটছমেন বাটলাৰে চাৰি কোবাইছিল।

কিন্তু পিছৰ বলটোত নৰ্কিয়াই বাটলাৰৰ ষ্টাম উভালি পেলাবলৈ সক্ষম হয়। বাটলাৰক আউট কৰা বলটোৰ গতি বেগ আছিল প্ৰতি ঘণ্টাত ১৫৫.৪ কিলোমিটাৰ।

আই পি এলৰ চলিত সংস্কৰণত সৰ্বাধিক গতি বেগত বল কৰা বলাৰৰ তালিকাত নৰ্কিয়াই আছে। তেওঁ এতিয়ালৈকে প্ৰতি ঘণ্টাত ১৫৬.২, ১৫৫.২, ১৫৪.৭, ১৫৪.২ আৰু ১৫৩.৭ কিলোমিটাৰ গতি বেগত বল কৰিছে।

আই পি এলৰ ইতিহাসত সৰ্বোচ্চ গতি বেগত বল কৰাৰ তালিকাত প্ৰথম দুয়োটা স্থানতে আছে নৰ্কিয়া। তৃতীয় স্থানত আছে ডেল ষ্টেইন। চতুৰ্থ স্থানত পুনৰ নৰ্কিয়া আৰু পঋ্চম স্থানত আছে কাগিছো ৰাবাডা।

উল্লেখণীয় যে আই পি এল ইতিহাসৰ সৰ্বোচ্চ গতি বেগত বল কৰা আটাই কেইগৰাকী বলাৰে হৈছে দক্ষিণ আফ্ৰিকাৰ।

১. এনৰিক নৰ্কিয়া- ১৫৬.২ কিলোমিটাৰ প্ৰতি ঘণ্টাত

২. এনৰিক নৰ্কিয়া- ১৫৪.৮ কিলোমিটাৰ প্ৰতি ঘণ্টাত

৩. ডেল ষ্টেইন- ১৫৪.৪ কিলোমিটাৰ প্ৰতি ঘণ্টাত

৪. এনৰিক নৰ্কিয়া- ১৫৪ কিলোমিটাৰ প্ৰতি ঘণ্টাত

৫. কাগিছো ৰাবাডা- ১৫৩.৯ কিলোমিটাৰ প্ৰতি ঘণ্টাত