NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আই আই টি গুৱাহাটীত তীব্ৰ প্ৰতিবাদ

Posted by: মৃদুল প্রীতম ডেকা January 11, 2019 6:54 am
IMG-20190110-WA0047

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটী আইআইটিৰ ছাত্ৰ সমাজ আৰু আবাসী সকলে মুখত ক’লা কাপোৰ বান্ধি,বেনাৰ পষ্টাৰ লৈ বৃহস্পতিবাৰে মৌন প্ৰতিবাদ সাব্যস্ত কৰে।

আইআইটিৰ মুখ্য প্ৰৱেশদ্বাৰত নিশা পৰ্য্যন্ত উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰী সকলৰ প্ৰতিবাদ অব্যাহত থাকে।

প্ৰতিবাদকাৰী সকলে স্পষ্ট কৰি দিয়ে যে ৮৫৫ গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত প্ৰতিষ্ঠা হোৱা আইআইটি গুৱাহাটীৰ ছাত্ৰ সমাজে বিতৰ্কিত বিধেয়কখন কেতিয়াও মানি নলয়।

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দেশজুৰি উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিজেপি চৰকাৰৰ জাতিদ্ৰোহী কাৰ্যৰ বাবে জাঙুৰ খাই উঠি ৰাজ্যৰ ছাত্ৰ সমাজেও প্ৰতিবাদত নামি পৰিছে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দেশৰ আগশাৰীৰ প্ৰযুক্তি বিদ্যাৰ শিক্ষা প্ৰতিষ্ঠান আইআইটিৰ ছাত্ৰসমাজে প্ৰতিবাদ সাৱ্যস্ত কৰাৰ লগতে বিতৰ্কিত বিধেয়কখন বাতিল নকৰিলে তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ দিয়ে।