NORTHEAST NOW (Assamese)
অসম

জনপ্ৰিয় কণ্ঠশিল্পী মনোৰঞ্জন গগৈ আৰু নাই : পথ দুৰ্ঘটনাত প্ৰাণ গ’ল জনপ্ৰিয় শিল্পী গৰাকীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 21, 2021 7:01 pm
index.jpgaaa

ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে অতি দুঃখবৰ। জনপ্ৰিয় গণ্ঠশিল্পী মনোৰঞ্জন গগৈ আৰু নাই। এক শোকাৱাহ দুৰ্ঘটনাত প্ৰাণ গৈছে ৰাজ্যৰ বিশিষ্ট শিল্পীগৰাকীৰ।

ঘটনাৰ বিৱৰণীৰ মতে শনিবাৰে এখন ডাম্পাৰে খুন্দিওৱাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল বিশিষ্ট শিল্পীগৰাকী।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিল্পীগৰাকীক চিকিৎসাৰ বাবে মহানগৰীৰ জিএনআৰচি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও দেওবাৰে জনপ্ৰিয় শিল্পীগৰাকীৰ মৃত্যু হয়।

লংকেশ্বৰৰ নিৱাসী শিল্পীগৰাকীয়ে বহু জনপ্ৰিয় কালজয়ী গীতত কণ্ঠদান কৰিছিল।

ব’হাগ ধুনীয়া গধূলি পৰত, বিহুতলীলৈ আহিলা বুকুৰ মৰম যাচিলা আদি কালজয়ী গীতে আজিও শ্ৰোতাৰ প্ৰাণ চুই যায়।

উল্লেখ্য যে মনোৰঞ্জন গগৈ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ জৰিয়তে শ্ৰোতাৰ হৃদয় স্থান লাভ কৰিবলৈ  সক্ষম হোৱাৰ লগতে তেওঁ আকাশবাণীৰ ‘এ’ গ্ৰেড প্ৰাপ্ত কণ্ঠশিল্পী আছিল।

তেওঁৰ অপঘাত মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক মহলৰ লগতে তেওঁৰ অনুৰাগীসকলক শোকাহত কৰি তুলিছে।