NORTHEAST NOW (Assamese)
Popular Stories

পুনৰ শিৰোনামাত সুশান্ত সিং ৰাজপুত : ভাৰত চৰকাৰৰ বিশেষ পৰিকল্পনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 21, 2021 6:53 pm
পুনৰ শিৰোনামাত সুশান্ত সিং ৰাজপুত : ভাৰত চৰকাৰৰ বিশেষ পৰিকল্পনা

৯ মাহ পূৰ্বে আত্মহত্যা কৰা বলিউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ নাম পুনৰ শিৰোনামালৈ আহিছে।

ভাৰত চৰকাৰে অভিনেতাজনৰ নামত এটা ৰাষ্ট্ৰীয় বঁটাৰ চিন্তা-চৰ্চা কৰি আছে।

এই বিষয়ে ভাৰতীয় জনতা পাৰ্টিৰ এটা সূত্ৰই জনোৱা মতে, বঁটাৰ বিষয়ে চৰকাৰে চিন্তা-চৰ্চা কৰি আহিছে কিন্তু চৰকাৰী ঘোষণাৰ বাবে সময়ৰ প্ৰয়োজন হ’ব।

উল্লেখযোগ্য যে মানসিক অশান্তিৰ বাবে আত্মহত্যাৰ পথ বাচি লোৱা ৩৪ বছৰ বয়সীয়া অভিনেতাজনে শেহতীয়াকৈ মৰণোত্তৰভাৱে ২০২১ বৰ্ষৰ দাদাচাহেৱ ফাল্কে বঁটাত এক বিশেষ সন্মান লাভ কৰিছে।

‘দিল বেচেৰা’ নামৰ চিনেমাখনৰ বাবে তেওঁ সমালোচকৰ বাচনিত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে।