NORTHEAST NOW (Assamese)
অসম

গোলাঘাটৰ মুৰফুলনিত সৌভাগ্য আঁচনিৰ কৰ্মচাৰীৰ আক্ৰমণত বেয়াকৈ আহত এজন চৰকাৰী কৰ্মচাৰী

Posted by: ঋতুপল্লৱ শইকীয়া January 11, 2019 7:21 am
attack

গোলাঘাট জিলাৰ মুৰফুলনিৰ ফলঙনি বৰটানি অঞ্চলত ৯ জানুৱাৰি বুধবাৰে এজন চৰকাৰী কর্মচাৰীক সৌভাগ্য বৈদ্যুতিকৰণ আঁচনিত কর্মৰত কেইজনমান কর্মচাৰীয়ে প্রাণে মৰাৰ চেষ্টা চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে বুধবাৰে বৰটানি অঞ্চলত “সৌভাগ্য বৈদ্যুতিকৰণ আঁচনি”ৰ অধীনত ১ নং বালিজান অঞ্চলৰ বৈদ্যুতিক খুঁটাত তাঁৰ সংযোগৰ কাম চলি আছিল। উক্ত সময়ত অঞ্চলটোৰ প্ৰায় আধা কিলোমিটাৰ এলেকাত বিশৃংখলভাৱে তাঁৰবোৰ ৰাস্তাৰ মাজত পৰি আছিল। সেই সময়তে প্রাঞ্জল দত্তই কৰ্মৰত বিদ্যালয়ৰ কামত নিজৰ বলেৰ’ গাড়ীৰে উক্ত পথছোৱা অতিক্ৰম কৰে।

চেদেলি ভেদেলি হৈ থকা তাঁৰৰ ওপৰেৰে গাড়ীখন পাৰ কৰি লৈ যাওতে আকস্মিকভাবে গাড়ীৰ তলত তাঁৰ লাগি চুচৰি যোৱাৰ ফলত তাঁৰ সংযোগ কৰি থকা বিদ্যুৎৰ দুটা বৃহৎ পকী খুটা পৰি ভাঙি যায় আৰু এজন কৰ্মচাৰী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

এই ঘটনাক কেন্দ্ৰ কৰি বিদ্যুতৰ কাম কৰি থকা কৰ্মচাৰীসকল উত্তপ্ত হৈ পৰে আৰু বিদ্যালয়ৰ কৰ্মচাৰীগৰাকীক উপৰ্যপৰি প্ৰহাৰ কৰি গুৰুতৰভাবে আহত কৰে আৰু বিদ্যুৎ বিভাগৰ কর্মচাৰিকেইজনে ঘটনাস্থলৰ পৰা পলায়ন কৰে।

পিছত স্থানীয় ৰাইজৰ সহযোগত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা বিদ্যালয়ৰ কৰ্মচাৰীজনক গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। পিছতে ভুক্তভোগী বালিজান শংকৰজ্যোতি হাইস্কুলৰ কৰ্মচাৰীগৰাকীয়ে ঘটনা সন্দৰ্ভত বগীজান আৰক্ষী থানাত এক গোচৰ দিয়া বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে গোলাঘাটৰ জেবি ইলেকট্রিকেলছৰ বেনাৰত সৌভাগ্য বৈদ্যুতিকৰণ আঁচনিৰ কামসমূহ কৰি থকা হৈছে। উক্ত ঘটনাত দুটাকৈ খুটা ভাঙি পৰাৰ  পিছত এতিয়া স্থানীয় ৰাইজে  নিম্ন মানদণ্ডৰ বৈদ্যুতিক খুঁটা যোগান ধৰাৰো অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে।