NORTHEAST NOW (Assamese)
অসম

পুনৰ হাতীৰ মৃত্যু: কাজিৰঙাৰ কাষত উদ্ধাৰ হাতী পোৱালীৰ মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 18, 2022 7:41 am
elephant dead in Assam

ৰাজ্যত ধাৰাবাহিকভাৱে বন্যহস্তীৰ মৃত্যুৱে উদ্বেগৰ সৃষ্টি কৰিছে। এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত এটা হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰ হৈছে।

নগাঁও জিলাৰ কলিয়াবৰ উপ-সংমণ্ডলৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ এক সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সোমবাৰে হাতীৰ পোৱালীটোক মৃত অৱস্থাত পোৱা গৈছে।

মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত বন বিভাগৰ বিষয়াসকলে মৃত হাতী পোৱালীটোৰ মৃতদেহ সমাধিস্থ কৰে।

বন বিভাগৰ বিষয়াসকলে প্ৰাপ্তবয়স্ক হাতীৰ খুন্দা খাই হাতীৰ পোৱালীটোৰ মৃত্যু হয় বুলি সন্দেহ কৰিছে।

হাতী পোৱালীটো কোনো ৰোগত ভুগি আছিল বুলি বন বিভাগে লগতে উল্লেখ কৰিছে।

মুকলি কৰাৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চিকিৎসকসকলে হাতী পোৱালীটোৰ চিকিৎসা কৰি আছিল বুলি জানিব পৰা গৈছে।

অৱশ্যে মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ ইতিমধ্যে বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে।