NORTHEAST NOW (Assamese)
Popular Stories

মাৰ্ঘেৰিটাত বনৰীয়া হাতীৰ আক্ৰমণত মহিলাসহ দুজন আহত; ৪টা বাসগৃহ লণ্ডভণ্ড

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ May 16, 2020 6:52 pm

মাৰ্ঘেৰিটাৰ ২নং মাকুম পথাৰত দিহিং সংৰক্ষিত বনাঞ্চলৰ পৰা অহা বনৰীয়া হাতীয়ে যোৱা নিশা ৪টাকৈ ঘৰ ভাঙি পেলোৱাৰ লগতে হাতীৰ আক্ৰমণত মহিলাসহ দুজন লোক গুৰুতৰভাৱে আহত হয়৷

প্ৰাপ্ত তথ্য মতে খাদ্যসন্ধাত নিশা বনাঞ্চলৰ পৰা অহা দুটা বনৰীয়া হাতীয়ে ৰাজেন তাঁতী আৰু ভাৰতী গোৱালাক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰাৰ লগতে আকাশ গোৱালা, ৰাজা গোৱালা, মিঠু গোৱালাৰ বাসগৃহ লণ্ডভণ্ড কৰে।

হাতী দুটাই ঘৰ কেইটাত থকা চাউল খাই পেলাই বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও যোৱা বছৰত একেটা অঞ্চলতে বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল৷

লকডাউনৰ সময়ত খাদ্যৰ সংকটত পৰা তথা হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত আৰু বাসগৃহ ধ্বংস হোৱা পৰিয়াল কেইটাৰ বাবে অঞ্চলটোৰ ৰাইজে চৰকাৰী সাহায্যৰ দাবী কৰিছে।

ইয়াৰ উপৰি তেওঁলোকে অঞ্চলটোত বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰিবলৈও চৰকাৰক দাবী জনায়।

দীৰ্ঘদিনে বনৰীয়া হাতীৰ আতংকত অঞ্চলটোৰ লোকসকলে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে যদিও

এইক্ষেত্ৰত মাৰ্ঘেৰিটা বনবিভাগে কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উঠিছে৷

তদুপৰি বিভিন্ন সময়ত হাতীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহে বনবিভাগৰ পৰা কোনোধৰণৰ সাহায্য নোপোৱাৰ অভিযোগ উঠিছে৷

যোৱা নিশা ৪টাকৈ বাসগৃহ আৰু দুজন লোকক বনৰীয়া হাতীয়ে আক্ৰমণ কৰা ঘটনাৰ পাছতো বন-বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষুণ্ণ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ৷