NORTHEAST NOW (Assamese)
অসম

Race for UK PM: ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰিত্বৰ দৌৰত হঠাতে ভাৰতীয় মূলৰ ঋষি ছুনাকতকৈ আগবাঢ়িল লিজ ট্ৰাছ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 23, 2022 12:43 pm

Race to become UK PM ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ বাবে চলি থকা খেলখন হঠাতে ঘূৰি গ’ল নেকি? হঠাতেই কিয় সলনি হ’ল দৃশ্যপট ? একেৰাহে আগবাঢ়ি থকাৰ পিছতো কিয় লিজ ট্ৰাছে ঋষি ছুনাকক অতিক্ৰম কৰিলে?

বৰ্তমানৰ বৈদেশিক মন্ত্ৰী লিজ ট্ৰাছে এতিয়া ব্ৰিটেইনৰ বিদায়ী প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ উত্তৰাধিকাৰী বাছনিৰ যুঁজত প্ৰাক্তন বিত্তমন্ত্ৰী ভাৰতীয় বংশোদ্ভূত ঋষি ছুনাকৰ তুলনাত বহুত আগবাঢ়ি গৈছে। সমীক্ষা চলোৱা ‘ইউগভ’ নামৰ সংস্থাটোৱে  তাকেই সদৰী কৰিছে।

লগতে পঢ়ক: Russia-Ukraine War: ৰাছিয়াৰ হাতত হেৰুওৱা ভূমি পুনৰুদ্ধাৰৰ পূৰ্বে নহয় কোনো যুদ্ধবিৰতি: ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি

প্ৰাৰম্ভিক বাছনিত ঋষি ছুনাক সকলোৰে শীৰ্ষত আছিল। কিন্তু চূড়ান্ত যুঁজত এই সমীক্ষাটোৱে আন কথাহে কয়। ব্ৰিটেইনৰ শীৰ্ষ ইণ্টাৰনেট-আধাৰিত সমীক্ষাকাৰী সংস্থা হৈছে ইউগভ।

সংস্থাটোৱে বুধবাৰে আৰু বৃহস্পতিবাৰে কনজাৰ্ভেটিভ পাৰ্টিৰ ৭৩০ জন ৰাজনীতিকৰ মতামত লৈছিল। ইয়াৰ ভিতৰত, ৬২ শতাংশই লিজ ট্ৰাছৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে। ৩৮ শতাংশই ঋষি ছুনাকক সমৰ্থন কৰিছে।

সেইদৰে, সমীক্ষাটোত ছুনাকৰ তুলনাত ট্ৰাছ ২৪ শতাংশ পইণ্টত আগবাঢ়ি আছে। কিন্তু দুদিন পূৰ্বে তেওঁলোকৰ মাজৰ ব্যৱধান আছিল ২০ পইণ্ট!

লগতে পঢ়ক:Nirav Modi’s Assets Seized: হংকঙত নীৰৱ মোডীৰ ২৫০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিলে ইডিয়ে

ইউগভে জনায় যে পৰৱৰ্তী প্ৰধানমন্ত্ৰী পদৰ বাবে হোৱা যুঁজখন গভীৰ হোৱাৰ লগে লগে লিজ ট্ৰাছৰ চূড়ান্ত বিজয়ৰ সম্ভাৱনা বৃদ্ধি পাইছে। অৱশ্যে, কনজাৰ্ভেটিভ পাৰ্টিৰ মুৰব্বী হিচাপে প্ৰাৰম্ভিক বাছনিৰ পাঁচোটা ৰাউণ্ডত ছুনাক তেওঁৰ প্ৰতিদ্বন্দী ট্ৰাছতকৈ আগবাঢ়ি আছিল।

বুধবাৰৰ বাছনিত ১৩৭ জন সাংসদে ঋষি ছুনাকক ভোট দিয়াৰ বিপৰীতে লিজ ট্ৰাছে ১১৩ জনৰ সমৰ্থন পাইছিল। ইউগভে জনায় যে যোগ্যতা অৰ্জনৰ প্ৰথম চাৰিটা ৰাউণ্ডত ট্ৰাছ তৃতীয় স্থানত আছিল। বুধবাৰৰ ভোটত তেওঁ দ্বিতীয় স্থানলৈ উন্নীত হৈছে।

লগতে পঢ়ক:West Bengal SSC scam: বিয়াগোম কেলেংকাৰী! ইডিৰ হাতত গ্ৰেপ্তাৰ পশ্চিমবংগৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জী, ৰহস্যময়ী অৰ্পিতা মুখাৰ্জী

সেয়ে অন্তিম মুহূৰ্তৰ বাছনিত ট্ৰাছে এটা ডাঙৰ চমক দেখুৱাব পাৰে বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে । সেয়া হ’লে লিজ ব্ৰিটেইনৰ তৃতীয় গৰাকী মহিলা প্ৰধানমন্ত্ৰী হ’ব। তেওঁৰ পূৰ্বে ব্ৰিটেইনত মাৰ্গাৰেট থেচাৰ আৰু টেৰেছা মে মহিলা প্ৰধানমন্ত্ৰী আছিল।