NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষত অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ব অম্বুবাচী মহোৎসৱ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা June 17, 2020 4:52 pm

”প্ৰত্যেক বছৰৰ দৰে এইবছৰও ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মহোৎসৱ পালন কৰা হব কিন্তু বৰ্তমানৰ প্ৰতিকুল পৰিস্থিতিৰ বাবে এই বছৰ অকল ধৰ্মীয় ৰীতি নীতি খিনিহে পালন কৰা হ’ব ৷ এই মহোৎসৱ পূৰ্ব্বলেখীয়াকৈ পালন কৰিব নোৱাৰাটো বেদনাদায়ক”  আজি কামাখ্যা দেৱালয়ত অনুষ্ঠিত এক সংবাদমেলত এই প্ৰকাশ কৰে দলৈ মোহিত চন্দ্ৰ শৰ্মাই ৷

“অম্বুবাচী প্ৰবৃতিৰ সময় ৭ আহাৰ, ইং ২২ জুন সোমবাৰ পুৱা ৭:৫৩:১৫ বজাত আৰু নিবৃতিৰ সময় ১০ আহাৰ, ইং ২৫ জুন বৃহস্পতি বাৰ সময় নিশা ৮:১৬:৫৫ বজাত” দলৈ শৰ্মাই লগতে জানিবলৈ দিয়ে।

গুৰুত্বপূৰ্ণ বিষয় এই যে অম্বুবাচী মহোৎসৱৰ সময়ছোৱাত কামাখ্যা দেৱালয় আৰু দাতি কাষৰীয়া অঞ্চল সমূহত সকলো ধৰণৰ তীৰ্থযাত্ৰী ও সাধু সন্যাসীৰ সমাগম বন্ধ থাকিব ৷ সাধু সন্যাসীৰ আগমন বন্ধ কৰাৰ বাবে নামনি কামখ্যাৰ পৰা দেৱালয়লৈ সকলো ধৰণৰ পথ যোগাযোগ ব্যৱস্থা বন্ধ থাকিব বুলি জানিব পৰা গৈছে।

আনহাতে, কোনো সামাজিক সংগঠনকে কেম্প বনোৱা, ভাণ্ডাৰা আৰু অন্যান্য সেৱা আগবঢ়াব দিয়া নহ’ব ৷ লগতে স্থায়ী পাণ্ডা পূজাৰীৰ বাহিৰে কোনো ব্যক্তি বা অনুষ্ঠানক কামাখ্যা দেৱালয়ৰ প্ৰসাদ ৰক্তবস্ত্ৰ আদি বিতৰণৰ অনুমতি দিয়া নহয় ৷ সেয়েহে এইক্ষেত্ৰত ভক্ত সকলক সতৰ্ক হোৱাৰ বাবে আহ্বান জনায় দলৈ শৰ্মাই ৷

ক’ৰ’নাৰ সক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি ৩০ জুনলৈ বন্ধ থাকিব কামাখ্যা দেৱালয়ৰ দুৱাৰ ৷ পৰবৰ্তী সময়ত পৰিস্থিতি সাপেক্ষে দেৱালয়ৰ দুৱাৰ খোলা বা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হব বুলিও সংবাদমেলত উল্লেখ কৰে দলৈ শৰ্মাই ৷