NORTHEAST NOW (Assamese)
অসম

বিকল্প পৃথিৱীৰ সন্ধানত চীন; নতুন এখন বাসযোগ্য বিশ্ব গঢ়ি তোলাৰ পৰিকল্পনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 14, 2022 7:15 pm

‘সম্প্ৰসাৰণবাদী বুলি বদনামী চীনে’ এইবাৰ আন এক পৃথিৱীৰ সন্ধানত নামি পৰিছে। আনকি চীনৰ এই কামৰ বাবে বিজ্ঞানীসকলে পৰিকল্পনা অনুসৰি ক্ষিপ্ৰতাৰে আগবাঢ়িছে। চীনৰ এই চমৎকাৰক লৈ ইতিমধ্যে ব্যাপক চৰ্চা আৰম্ভ হৈছে।

দৰাচলতে মহাকাশত আৰু গভীৰভাৱে বিচৰণ কৰাৰ চীনৰ পৰিকল্পনা নতুন গতিৰে আগবাঢ়িছে। এখন বিকল্প পৃথিৱী ‘আৰ্থ ২.০’ ৰ বাবে চীনে কাম হাতত লৈছে।

চীনৰ এই পৰিকল্পনাত সৌৰজগতৰ বাহিৰত গ্ৰহৰ সন্ধান কৰিব। পৰিকল্পনা তথা এই অভিযানৰ লক্ষ্য হ’ল হাতীপটিত বাসযোগ্য অঞ্চলত এখন পৃথিৱী বিচাৰি উলিওৱা।ইয়াকেই আৰ্থ ২.০ বুলি কোৱা হৈছে।

‘নেচাৰ’ নামৰ বিজ্ঞান আলোচনীৰ প্ৰতিবেদনত এই তথ্য দাঙি ধৰা হৈছে। প্ৰতিবেদনত চাইনীজ একাডেমী অফ ছায়েন্স-য়ে পৰিকল্পনা কৰা প্ৰাথমিক নক্সাৰো বৰ্ণনা দিয়া হৈছে। এই কামত এদল বিশেষজ্ঞই লাগি পৰিছে।

চীনৰ একাডেমীয়ে এই সমস্ত পৰিকল্পনা প্ৰস্তুত কৰিছে। চৰকাৰৰ পৰা অনুমতি লাভ কৰিলেই তেওঁলোকে এই অভিযানৰ পৰৱৰ্তী পদক্ষেপ ল’ব।

লগতে পঢ়ক: সামাজিক মাধ্যমক হাতত ৰখাৰ পৰিকল্পনা! টুইটাৰ কিনাৰ প্ৰস্তাৱ দিলে এলন মাস্কে

প্ৰতিবেদনত অনুসৰি, চীনে অনুমান কৰিছে যে আগন্তুক কেইদশকত পৃথিৱীৰ অৱস্থাৰ অৱনতি ঘটিব। তেতিয়া এই পৰিস্থিতিত তেওঁলোকে মানুহক আন পৃথিৱীলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰিছে।

ইয়াৰ বাবে দেশৰ বিশেষজ্ঞ বিজ্ঞানীৰ দলে সাতটা টেলিস্কোপৰ সহায়ত সৌৰজগতৰ বাহিৰত বিকল্প এখন পৃথিৱীৰ সন্ধান চলাব।