NORTHEAST NOW (Assamese)
অসম

সামাজিক মাধ্যমক হাতত ৰখাৰ পৰিকল্পনা! টুইটাৰ কিনাৰ প্ৰস্তাৱ দিলে এলন মাস্কে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 14, 2022 6:30 pm

অংশীদাৰিত্ব ক্ৰয়ৰ পিছত এইবাৰ মাইক্ৰ’বল্গিং প্লেটফৰ্ম টুইটাৰৰ সম্পূৰ্ণ মালিকীস্বত্ব কিনাৰ প্ৰস্তাৱ দিছে ইলেকট্ৰিক গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান টেচলাৰ মুখ্য কাৰ্যবাহী এলন মাস্কে। তদুপৰি, তেওঁ নিজকে সামাজিক মাধ্যমৰ অযুত সম্ভাৱনাক মুকলি কৰাৰ বাবে উপযুক্ত বুলি দাবী কৰে।

এলন মাস্কে ৪১ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিময়ত টুইটাৰৰ সম্পূৰ্ণ মালিকীস্বত্ব ক্ৰয় কৰিব বিচাৰিছে। তেওঁ আনকি টুইটাৰ কৰ্তৃপক্ষক তেওঁৰ প্ৰস্তাৱত সন্মত নহ’লে সকীয়নিও দি ৰাখিছে।

লগতে পঢ়ক: বিৰল মহাজাগতিক দৃশ্য! এপ্ৰিলতেই আকাশত নিকট অৱস্থান কৰিব মঙল, শুক্ৰ, বৃহস্পতি আৰু শনিয়ে

মাস্কে কৈছে যে তেওঁৰ প্ৰস্তাৱত ৰাজী নহ’লে তেওঁ টুইটাৰৰ যি ৯.২ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছে সেয়া প্ৰত্যাহাৰ কৰাৰ কথাও চিন্তা কৰিব।

এলন মাস্কৰ মতে টুইটাৰ গোটেই বিশ্বতে স্বাধীনভাৱে মতামত প্ৰকাশৰ এক মাধ্যম হ’ব পাৰে। এই স্বাধীনভাৱে মত প্ৰকাশ কৰিব পৰাটোৱেই হৈছে গণতন্ত্ৰৰ প্ৰকৃত সৌষ্ঠৱ। ‘সেইটো মই বিশ্বাস কৰো আৰু সেয়েহ মই টুইটাৰত বিনিয়োগ কৰিছো’।

তেওঁ লগতে কয় যে টুইটাৰত বিনিয়োগ কৰাৰ পাছতে ‘বুজিব পাৰিছো বৰ্তমান  সংস্থাটোৱে সামাজিক প্ৰয়োজনীয়তাক সমৃদ্ধ কৰিছে। সেয়ে ইয়াক সম্পূৰ্ণ ব্যক্তিগত সংস্থালৈ সলনি কৰা প্ৰয়োজন। টুইটাৰৰ অসাধাৰণ সম্ভাৱনা আছে যিটো মই মুকলি কৰিম’।

লগতে পঢ়ক: Students Suicide in India ভাৰতত ২০২০ বৰ্ষত ১২ হাজাৰতকৈয়ো অধিক শিক্ষাৰ্থীয়ে কৰিছে আত্মহত্যা

উল্লেখ্য যে ইয়াৰ পূৰ্বে অংশীদাৰিত্ব ক্ৰয় কৰাৰ পিছত এলন মাস্কক টুইটাৰৰ বোৰ্ডত অংশ লোৱাৰ বাবে সংস্থাটোৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালে প্ৰস্তাৱ দিছিল যদিও এলন মাস্কে এই প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল।