NORTHEAST NOW (Assamese)
অসম

কোভিডত মৃত্যু ঘটা লোকৰ মৃত্যুৰ প্ৰমাণ পত্ৰ সন্দৰ্ভত কেন্দ্ৰৰ নতুন নিৰ্দেশনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 12, 2021 3:25 pm
Doctors-on-Covid-duty-750x375-1

দেশত এতিয়াও কোভিড়ৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ অহা নাই।

এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে আজি কোভিডত মৃত্যু ঘটা লোকৰ মৃত্যুৰ প্ৰমাণপত্ৰ সন্দৰ্ভত এক নতুন নিৰ্দেশনা দিয়ে।

সেই মৰ্মে যিসকল ৰোগীৰ চিকিৎসালয়ত  RT-PCR পৰীক্ষা, মডিউলাৰ পৰীক্ষা,ৰেপিড এণ্টিজেন পৰীক্ষা আদিত কোভিড ধৰা পৰিছে তেনে লোকৰ মৃত্যু হ’লে তেওঁক কোভিডত মৃত্যু ঘটাৰ প্ৰমাণপত্ৰ দিয়া হ’ব।

কোভিডত আক্ৰান্ত হোৱাৰ পিছত যদি কোনোৱাই আত্মহত্যা কৰে অথবা বিষক্ৰিয়া ঘটি মৃত্যুৰ সাৱটি লয় তেন্তে তেনে লোকক কোভিডত মৃত্যু ঘটা বুলি প্ৰমাণপত্ৰ দিয়া নহ’ব।

চিকিৎসালয় অথবা ঘৰত কোভিচত কোনো লোকৰ মৃত্যু ঘটিলে পৰিয়ালৰ লোকে ফৰ্ম ৪  আৰু ৪ ক পূৰণ কৰিব লাগিব।

কোভিডত আক্ৰান্ত হোৱাৰ ৩০ দিনৰ ভিতৰত কোনো লোকৰ মৃত্যু ঘটিলে তেনে মৃত্যুক কোভিডত হোৱা মৃত্যু বুলি গণ্য কৰা হ’ব।

তেনে লোকৰ মৃত্যু চিকিৎসালয়ৰ বাহিৰত হ’লেও তেওঁৰ কোভিডত মৃত্যু ঘটা বুলি গণ্য কৰা হ’ব।