NORTHEAST NOW (Assamese)
অসম

ব্ৰহ্মপুত্ৰৰ বানে বিধ্ৱস্ত কৰি গ’ল টীয়কৰ জাঁজীমুখৰ বৰমাথাউৰি উপ স্বাস্থ্যকেন্দ্ৰ

Posted by: নিৰ্মলেন্দু পাঠক September 12, 2021 2:52 pm
health center damaged

ব্ৰহ্মপুত্ৰৰ ভদীয়া বানত অহা পলসে পুতিলে টীয়কৰ অন্যতম বানেগৰকা জাঁজীমুখ বৰমথাউৰি অঞ্চলৰ একমাত্ৰ চিকিৎসাৰ সম্বল বৰমাথাউৰি উপ স্বাস্থ্যকেন্দ্ৰ।

ভদীয়া বানে উপস্বাস্থ্য কেন্দ্ৰটোৰ আচবাবৰ লগতে জীৱনদায়িনী ঔষধো যথেষ্ট পৰিমাণে নষ্ট কৰে।

এই স্বাস্থ্য কেন্দ্ৰটো প্ৰায় পাঁচখন গাঁৱৰ ৰাইজৰ একমাত্ৰ ভৰসাৰ থলী। অন্যথা প্ৰায় ১৫ কিলোমিটাৰ নিলগত থকা টীয়কৰ F R U চিকিৎসালয়লৈ যাব লগা হয় বৰমাথাউৰিবাসী।

ইপিনে, বাট পথৰ অৱস্থাও তথৈবচ। কোনো ৰোগীক জৰুৰীভাৱে চিকিৎসা প্ৰদান কৰিবলগীয়া হ’লে কেইবাটাও স্থানত নাৱেৰে পাৰ কৰিবলগীয়া হয়।

বৰ্তমান ক’ভিডৰ আতংকৰ সমান্তৰালকৈ বানপানীৰ পাছত অঞ্চলটোত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাব হোৱাৰ আশংকা দেখি চিন্তিত হৈ পৰিছে অঞ্চলটোৰ সচেতন ৰাইজ।

Also read : কেন্দ্ৰীয় আইন মন্ত্ৰী ৰিজিজুৰ পৰা নিষ্ক্ৰিয় ৰাজনৈতিক দলৰ নামকটাৰ ক্ষমতা বিচাৰিলে নিৰ্বাচন আয়োগে

সেয়ে অনতি পলমে উপস্বাস্থ্য কেন্দ্ৰটোত যাৱতীয় সা-সুবিধাৰ ব্যৱস্থা গ্ৰহণ কৰি বৃহত্তৰ নৈপৰীয়া অঞ্চলটোৰ ৰাইজক উপকৃত কৰিবলৈ বিভিন্ন দল-সংগঠনে দাবী উত্থাপন কৰিছে।