NORTHEAST NOW (Assamese)
অসম

ছেমছাং ইলেকট্ৰ’নিকছৰ চেয়াৰমেন লী কুন হি-ৰ পৰলোকপ্ৰাপ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 26, 2020 10:39 am
Lee-Kun-hee

ইলেকট্ৰ’নিকছ পণ্য সামগ্ৰীৰ প্ৰসিদ্ধ বহুজাতিক প্ৰতিষ্ঠান ছেমছাং ইলেকট্ৰ’নিকছৰ চেয়াৰমেন লী কুন হি-ৰ দেওবাৰে পৰলোকপ্ৰাপ্তি ঘটিছে।

মৃত্যুৰ সময়ত লী-কুন হি-ৰ বয়স আছিল ৭৮বছৰ।

দক্ষিণ কোৰিয়াৰ এই প্ৰতিষ্ঠানটোক লীয়ে বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

লী কুন হি-ৰ নেতৃত্বতেই স্মাৰ্টফোন তথা মেম’ৰি চিপ উৎপাদনৰ ক্ষেত্ৰত ছেমছাং বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষ্ঠানত পৰিণত হয়।

দক্ষিণ কোৰিয়াৰ মুঠ দেশীয় উৎপাদনৰ বা জিডিপিৰ এক পঞ্চমাংশ অৱদানেই হৈছে ছেমছাঙৰ।

লী কুন হি-ৰ পৰিকল্পনা তথা নেতৃত্বত প্ৰতিষ্ঠানটোৰ বিত্তীয় ভেটি শক্তিশালী হৈ উঠে।

প্ৰকৃততে এগৰাকী কৰ্মযোগী, প্ৰচাৰবিমুখ লী কুন হি ২০১৪চনত হোৱা হাৰ্ট এটেকৰ পাছত শয্যাশায়ী হৈ পৰিছিল।

ইয়াৰ পাছৰে পৰা তেওঁৰ শাৰীৰিক স্থিতি বা মানুহগৰাকীৰ জীৱনক লৈ কোনো তথ্য প্ৰকাশ পোৱা নাছিল।