NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ মধ্যস্থতাত তৃতীয়বাৰলৈ যুদ্ধবিৰতি ঘোষণা আজাৰবাইজান-আৰ্মেনিয়াৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 26, 2020 11:22 am
a-steam-train-on-a-track-wit

আজাৰবাইজান-আৰ্মেনিয়াৰ মাজত লগা ভয়ংকৰ যুদ্ধ আপাততঃ বন্ধ হোৱাৰ পথত।

আমেৰিকাৰ মধ্যস্থতাত দুয়ো পক্ষই পুনৰ যুদ্ধবিৰতি ঘোষণা কৰিছে। মাৰ্কিন প্ৰশাসনৰ এগৰাকী শীৰ্ষ বিষয়াই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মানৱতাৰ স্বাৰ্থতে আজাৰবাইজান আৰু আৰ্মেনিয়াই যুদ্ধবিৰতি ঘোষণা কৰিবলৈ সন্মত হৈছে।

উল্লেখ্য ইয়াৰ পূৰ্বেও ৰাছিয়াৰ মধ্যস্থতাত দুবাৰকৈ যুদ্ধ বিৰতি ঘোষণা কৰাৰ পিছতো আজাৰবাইজান-আৰ্মেনিয়াৰ মাজত শান্তি স্থাপন হোৱা নাই।
বাৰে বাৰে উভয় পক্ষই উলংঘা কৰিছে যুদ্ধ বিৰতি।এনে সময়তে কিছুদিন পূৰ্বে ৱাশ্বিংটনত আৰ্মেনিয়া আৰু আজাৰবাইজানৰ বিদেশ মন্ত্ৰীৰ সৈতে মাৰ্কিন বিদেশ সচিব মাইক পম্পিঅ’ই সুকীয়া সুকীয়াকৈ আলোচনাত মিলিত হৈছিল।

এতিয়ালৈকে যুদ্ধত ৫ হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটা বুলি নিশ্চিত কৰা হৈছে। আজাৰবাইজানক সমৰ্থন জনাইছে তুৰস্ক, পাকিস্তানকে ধৰি বহু কেইখন ইছলামিক দেশে।

আনহাতে আৰ্মেনিয়াৰ পক্ষত আছে ফ্ৰান্সৰ লগতে বহু কেইখন ইউৰোপীয় দেশ।এই যুদ্ধকলৈ আমেৰিকা আৰু ৰাছিয়াই নিজা নিজাকৈ অংক কৰাত ব্যস্ত হৈ পৰিছ।

উল্লেখ্য নাগৰ্নো-কাৰবাখ অঞ্চলকলৈ যোৱা ২৭ ছেপ্তেম্বৰৰ পৰা ভয়ংকৰ যুদ্ধত লিপ্ত হোৱা আজাৰবাইজান আৰু আৰ্মেনিয়াই উক্ত বিবদমান অঞ্চলত কিছুদিন পূৰ্বে যুদ্ধবিৰতি ঘোষণা কৰিবলৈ সন্মত হৈছিল।

ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গে লাভৰভে আজাৰবাইজান আৰু আৰ্মেনিয়াৰ বিদেশমন্ত্ৰীদ্বয়ৰ সৈতে কৰা আলোচনাৰ অন্তত দুয়ো পক্ষই যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰদান কৰিছিল।কিন্তু সেই যুদ্ধবিৰতি কেইঘণ্টামানহে টিকি আছিল।