NORTHEAST NOW (Assamese)
অসম

নগাঁও আৰক্ষীৰ সফলতা: গুৱাহাটীত উৎখাত জাল নোট চক্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 6, 2022 6:42 pm
fake currency racket

নগাঁও আৰক্ষীৰ এক সফল অভিযানত আজি গুৱাহাটীত উৎখাত হৈছে এটা জাল নোট চক্ৰ। গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ আধাৰত নগাঁও আৰক্ষীৰ এটা দলে গুৱাহাটীৰ হাতীগাঁৱত অভিযান চলাইছিল।

অভিযানৰ সময়ত আৰক্ষীয়ে প্ৰিণ্টিং মেচিনৰ সৈতে ২০ লাখ টকাৰ মূল্যৰ জাল নোট উদ্ধাৰ কৰে।

অভিযানটোত আৰক্ষীয়ে এগৰাকী মহিলাসহ জাল নোট চক্ৰৰ সৈতে জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা ব্যক্তিকেইজনক মফিজুল ইছলাম, সাদ্দিকুল ইছলাম, সাদ্দিকুল ইছলাম আৰু ৰীমা বৈশ্য বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে যোৱা কিছুদিন ধৰি গুৱাহাটীৰ লগতে ৰাজ্যৰ কেইবা ঠাইতো জাল নোট চক্ৰ ধৰা পেলাইছে অসম আৰক্ষীয়ে।

কেন্দ্ৰীয় চৰকাৰৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তৰ সময়ত জাল নোট ব্যৱসায় বন্ধ কৰাটো বিমুদ্ৰাকৰণৰ এক অন্যতম উদ্দেশ্য হিচাপে প্ৰচাৰ কৰা হৈছিল।

কিন্তু এইদৰে ইটোৰ পিছত সিটোকৈ জাল নোট চক্ৰৰ ধৰা পৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰে বিমুদ্ৰাকৰণ নীতিৰ সময়ত কৰা এই প্ৰচাৰ বিফল প্ৰমাণিত হৈছে।