NORTHEAST NOW (Assamese)
অসম

টীয়কত সেৱা ভাৰতীৰ উদ্যোগত ‘AYUSH-64’ নামৰ কোভিডৰ দৰৱ বিতৰণ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 10, 2021 6:16 pm
kkj

ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ তত্বাৱধানত তথা Central Council for Research in Ayurvedic Sciencesৰ দ্বাৰা কৰ’ণাত আক্ৰান্ত ৰোগীৰ বাবে প্ৰস্তুত কৰা ‘AYUSH-64’ নামৰ এক আয়ুৰ্বেদিক ঔষধ সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সহযোগত কভিড ৰোগীসকলৰ মাজত সমগ্ৰ অসমতে বিনামূলীয়াকৈ বিতৰণৰ ব্যৱস্থা কৰা হৈছে।

কভিড পজিটিভ ৰোগীৰ ৰোগৰ সৈতে যুঁজাৰ সক্ষমতা বৰ্দ্ধক এই আয়ুৰ্বেদিক ঔষধবিধ আজি যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ লগতে টীয়কৰ কাৱৈমাৰী কুমাৰভেটিকে ধৰি কেইবাটাও অঞ্চলত প্ৰায় ৪০জন ৰোগীক ঔষধ বিতৰণ কৰা হয় ।

লগতে হোম কোৱাৰিন্টাইনত থকা বহু লোকৰ অক্সিজেন লেভেলৰ পৰীক্ষা কৰা হয়।

লগতে প্ৰয়োজন সাপেক্ষে সেৱা ভাৰতীয়ে আৰু ঔষধৰ যোগান ধৰিব বুলিও মন্তব্য কৰে।

উল্লেখযোগ্য যে এই আয়ুৰ্বেদিক ঔষধ গ্ৰহণ কৰি ইতিমধ্যে ৰোগীসকলে বহু উপশম লাভ কৰিছে বুলিও মন্তব্য কৰিছে উদ্যোক্তাসকলে।