NORTHEAST NOW (Assamese)
অসম

স্বচ্ছ হালধাত ডঃ দিব্যজ্যোতি শইকীয়াৰ শান্তি আৰু মানৱতা শীৰ্ষক প্ৰেৰণাত্মক বক্তৃতানুষ্ঠান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 14, 2020 7:20 pm
স্বচ্ছ হালধাত ডঃ দিব্যজ্যোতি শইকীয়াৰ শান্তি আৰু মানৱতা শীৰ্ষক প্ৰেৰণাত্মক বক্তৃতানুষ্ঠান

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূয়সী প্ৰশংসা কৰা দৰং জিলাৰ অন্তৰ্গত পুৰস্কাৰ প্ৰাপ্ত গাঁও “স্বচ্ছ আৰু আদৰ্শ  অভিযান হালধাৰ উদ্যোগত বৰনদী প্ৰগতি সংঘ আৰু হালধা আঞ্চলিক মহিলা সমিতিৰ সহযোগত ১৩ ডিচেম্বৰ ৰবিবাৰে শান্তি আৰু মানৱতা অবিহনে দেশ তথা সমাজৰ প্ৰগতি অসম্ভৱ ” শীৰ্ষক এক প্ৰেৰণাত্মত অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

স্বচ্ছ হালধা গাঁওৰ সৰ্বাধিনায়ক (মুখ্যমন্ত্ৰী) ভাস্কৰ জ্যোতি নাথৰ সঞ্চালনাত অনুস্থিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশ্ব সংবিধান সংসদ সন্থাৰ আন্তঃৰাষ্ট্ৰীয় সদস্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন Brothers ৰ ৰাষ্ট্ৰীয় সচিব প্ৰধান         অৰ্ধশতাধিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা প্ৰাপক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া।

প্ৰেৰণাত্মক ভাষণ প্ৰসংগত ডঃ দিব্যজ্যোতি শইকীয়াই অন্ধবিশ্বাস, উৰাবাতৰি, ড্ৰাগছ, সাম্প্ৰদায়িকতা আদি ৰোধ কৰি প্ৰকৃতাৰ্থত শিক্ষিত হৈ মানৱতা জগাই তুলি শান্তিৰ বাতাবৰণেহে দেশ আৰু সমাজৰ প্ৰগতি আৰু বিকাশ সম্ভৱ বুলি বিস্তৃত বাখ্যা আগবঢ়ায়।

ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰেৰণাত্মত অনুষ্ঠানৰ লগত সংগতি ৰাখি স্বচ্ছ আৰু কৃষি বিপ্লৱত আদৰ্শ হোৱা টীম হালধাই পৰম্পৰাগত ন লগোৱা পৰ্ব/ উৎসৱ অনুষ্ঠিত কৰে।