NORTHEAST NOW (Assamese)
অসম

চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত নগাঁৱত চাহ জনজাতি ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন

Posted by: মুৰলী বৰুৱা Updated by: মুৰলী বৰুৱা December 14, 2020 7:36 pm

চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা শাখাই আজি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু নগাঁও শাখা, কলিয়াবৰ শাখা সমিতিৰ সহযোগত এই ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।

চাহ জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতি কৰণৰ মৰ্যদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি‌ ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠী লোকক ভূমি পট্টা প্ৰদান কৰাকে ধৰি দহদফীয়া দাবীৰ সমৰ্থনত চাহ জনজাতি ছাত্ৰ সন্থাই এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰী সন্থাৰ সদস্য সকলে বিভিন্ন শ্ল’গান দি ৰাজপথ উত্তাল কৰি তোলাৰ লগতে তেওঁলোকৰ উল্লেখিত দাবী‌ সমূহ শীঘ্ৰে পূৰণ কৰাৰ বাবে দাবী জনাই উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

প্ৰতিবাদকাৰী সকলে চৰকাৰে শীঘ্ৰেই তেওঁলোকৰ দাবীসমূহ পুৰণ নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু বুলিও হুংকাৰ দিয়ে।