NORTHEAST NOW (Assamese)
অসম

শ্ৰমিকৰ নামত ৮০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ!

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী June 10, 2022 4:27 pm

শুকুৰবাৰে শ্ৰমিক কল্যাণ নিৰ্যাতিত সন্থা, অসমে অসম ভৱন আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ বোৰ্ড,শ্ৰম আয়ুক্ত দক্ষতা প্ৰশিক্ষণ পাইলট প্ৰকল্প পৰ্যায় ১ৰ নামত ৮০ কোটি টকাৰ বিত্তীয় কেলেংকাৰীৰ অনুসন্ধানৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি এক সংবাদমেল সম্বোধন কৰে।

তেওঁলোকে কয় “শ্ৰমিক সকলৰ প্ৰাপ্য অধিকাৰ,লুণ্ঠনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীলৈ অনুৰোধ কৰিছোঁ।

২০১৬-১৯ বৰ্ষৰ ৮০ কোটি টকাৰ কেলেংকাৰী দুটা ব্যক্তিগত প্ৰতিষ্ঠান অজিতাক্ষ ভেঞ্চাৰচ প্ৰাইভেট লিমিটেড আৰু গাৰ্গো ইনষ্টিটিউট আৰু প্ৰযুক্তিয়ে প্ৰায় ২০,০০০ৰো অধিক ভুৱা পঞ্জীয়নযুক্ত শ্ৰমিকৰ ভুৱা হিতাধিকাৰী তৈয়াৰ কৰি ২/৩ দিন প্ৰশিক্ষণ দি ফটো আৰু ভিডিঅ’ তৈয়াৰ কৰি ৬০ দিনৰ প্ৰশিক্ষণ কৰা দেখুৱায়।

সেই ৬০ দিনৰ প্ৰশিক্ষণ দিয়াৰ নামত টকা উলিয়াই লোৱাৰ উপৰি ৬০ দিনৰ ভুৱা খাদ্যৰ বিলো প্ৰস্তুত কৰি সমুদায় টকা উলিয়াই লয় ।
শ্ৰমিকৰ বাবে প্ৰদান কৰা দৈনিক ২৮০ টকা শ্ৰমিকৰ নামত ১৬,৮০০ টকা নিদিয়াকৈ প্ৰাপ্য চৰকাৰী বৃত্তি পৰা বঞ্চিত কৰে।”

কিছু সংখ্যক শ্ৰমিকক ১৬,৮০০ টকাৰ বিনিময়ত কিছু টকা দি আনুষ্ঠানিক ভাৱে প্ৰশিক্ষণ/পৰীক্ষা হোৱা দেখুৱাই শ্ৰমিক সকলৰ পঞ্জীয়ন নম্বৰ একাউণ্ট নম্বৰ আৰু সম্পূৰ্ণ ঠিকনা ব্যৱহাৰ কৰি সমুদায় ধন আত্মসাৎ কৰে।

প্ৰায় ২০,০০০ৰ ও অধিক শ্ৰমিকৰ প্ৰশিক্ষণ দিয়া দেখুৱাবলৈ ভুৱা হিতাধিকাৰী তৈয়াৰ কৰাৰ সকলো তথ্য ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে বুলি তেওঁলোকে লগতে কয়।

ইতিমধ্যে ভাৰত চৰকাৰ, শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়েে অসম ভৱন আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ ব’ৰ্ড বিভাগক ৮০ কোটি টকাৰ কেলেংকাৰীৰ অনুসন্ধান কৰি প্ৰকৃত ব্যৱস্থা লবলৈ দিছে যদিও এতিয়ালৈকে কোনো অনুসন্ধান হোৱা নাই বুলিও শ্ৰমিক কল্যাণ নিৰ্যাতিত সন্থা অসমে উল্লেখ কৰে।