NORTHEAST NOW (Assamese)
অসম

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম মোটেৰাত অনুষ্ঠিত হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত দিবা-নৈশ টেষ্ট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 21, 2020 7:23 am

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম মোটেৰাত ভাৰত আৰু ইংলেণ্ডৰ মাজত দিবা-নৈশ টেষ্ট ক্ৰিকেট অনুষ্ঠিত হ’ব।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে মঙলবাৰে আহমেদাবাদৰ মোটেৰা ক্ৰিকেট ষ্টেডিয়ামত ২০২১ বৰ্ষৰ প্ৰথমভাগত ভাৰত আৰু ইংলেণ্ডৰ মাজত দিবা-নৈশ টেষ্ট অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে।

২০২১ বৰ্ষৰ জানুৱাৰিৰ পৰা মাৰ্চলৈ ইংলেণ্ড ক্ৰিকেট দলে পাঁচখন টেষ্ট আৰু সীমিত অভাৰৰ খেলত অংশ লোৱাৰ উদ্দেশ্যে ভাৰত ভাৰত ভ্ৰমণলৈ আহিব।

”ইংলেণ্ডৰ পূৰ্বে আমি অষ্ট্ৰেলিয়া চিৰিজত অংশগ্ৰহণ কৰিম । উক্ত শৃংখলাতো ভাৰতীয় ক্ৰিকেট দলটোৱে টেষ্ট আৰু সীমিত অভাৰৰ খেলত অংশগ্ৰহণ কৰিব,” গাংগুলীয়ে লগতে কয়।

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’না মহামাৰীৰৰ সংক্ৰমণৰ বাবে বি চি চি আইয়ে চলিত বৰ্ষৰ আই পি এল প্ৰতিযোগিতা ভাৰতৰ পৰিবৰ্তে য়ু এ ইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

এই পৰ্যন্ত সফলভাৱে চলিত বৰ্ষৰ আই পি এল অনুষ্ঠিত হৈ আহিছে।

উল্লেখযোগ্য যে, চলিত বৰ্ষত নমস্তে ট্ৰাম্প অনুষ্ঠানত অংশগ্ৰহণ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মোটেৰা ষ্টেডিয়ামখন মুকলি কৰিছিল।