NORTHEAST NOW (Assamese)
Uncategorized

বাইকাৰ্ছৰ ৰূপত ৰাহুল গান্ধী : কেটিএম বাইক চলাই লেহ-লাডাখ ভ্ৰমণত ৰাহুল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 19, 2023 6:50 pm
বাইকাৰ্ছৰ ৰূপত ৰাহুল গান্ধী : কেটিএম বাইক চলাই লেহ-লাডাখ ভ্ৰমণত ৰাহুল

স্প’ৰ্টছ বাইকত উঠি লেহ-লাডাখত এডভেন্সাৰ ৰাইডত ব্যস্ত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী।  ৰাহুলে নিজেই এই ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। 

জানিব পৰা মতে, বৃহস্পতিবাৰে দুদিনীয়া লেহ-লাডাখ ভ্ৰমণলৈ গৈছিল ৰাহুল গান্ধী। অৱশ্যে পিছত তেওঁৰ মন সলনি হ’ল আৰু দুদিনৰ পৰিৱৰ্তে ছয়দিনীয়া ভ্ৰমণৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

ইয়াৰ মাজতে শনিবাৰে পাংগং হ্ৰদত তেওঁক সম্পূৰ্ণ বেলেগ ৰূপত দেখা গ’ল। ইতিমধ্যে ছবিবোৰ সামাজিক মাধ্যমত ‘ভাইৰেল’ হৈ পৰিছে।

নীলা ৰঙৰ দীঘল হাতৰ টি-চাৰ্ট আৰু ৰাইডিং ট্ৰাউজাৰ পিন্ধি গান্ধীয়ে বাইক চলোৱাৰ ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।

ছবিসমূহ শ্বেয়াৰ কৰি ৰাহুলে লিখিছে, ‘পাংগংলৈ যোৱাৰ পথত। দেউতাই কৈছিল এইখন পৃথিৱীৰ অন্যতম ধুনীয়া ঠাই।’

আজি তেওঁ ইনষ্টাগ্ৰামত মুঠ ১০ খন ছবি শ্বেয়াৰ কৰে। এনে বহু ছবি ৰাহুলে নিজৰ এক্স হেণ্ডেলতো শ্বেয়াৰ কৰিছে। 

উল্লেখ্য যে, লাডাখলৈ যোৱাৰ পথত ৰাহুল গান্ধীয়ে লেহৰ প্ৰায় ৫০০ যুৱকৰ সৈতে কথা পাতিছিল। স্থানীয় লোকে জনোৱা মতে, ৰাহুলে যুৱকসকলৰ সৈতে প্ৰায় ৪০ মিনিট সময় কথা পাতিছিল। কাইলৈ ​​২০ আগষ্ট ৰাজীৱ গান্ধীৰ জন্ম বাৰ্ষিকী। ৰাহুলে লাডাখতে পালন কৰিব পিতৃৰ জন্মদিন।