NORTHEAST NOW (Assamese)
অসম

ধৰ্ম বিদ্বেষী মন্তব্যঃ মোদীৰ মৌনতাক সমালোচনা প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি হামিদ আনছাৰীৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী June 10, 2022 4:53 pm

বিজেপিৰ নেত্ৰী নূপুৰ শৰ্মাই পয়গম্বৰ হজৰত মহম্মদকলৈ কৰা মন্তব্যই দেশ তথা বিদেশতো জুই জ্বলাইছে। বিজেপি নেত্ৰী গৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে বিভিন্ন স্থানত প্ৰতিবাদ হৈ থছকাৰ সময়তে শেহতীয়াকৈ এই বিষয়ত মাত মাতিছে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি হামিদ আনছাৰীয়ে ।

বিজেপিৰ পৰা নিলম্বনৰ পিছতো বিষয়টোকলৈ উত্তেজনা শমা কটা নাই৷

সংবাদমাধ্যমক দিয়া এক সাক্ষাৎকাৰত আনছাৰীয়ে কয় যে ইছলামিক দেশসমূহে ভাৰতৰ ওপৰত যিমানে চাপ বৃদ্ধি কৰিছে যদিও প্ৰধানমন্ত্ৰী মোদীয়ে বিষয়টোকলৈ চলকা মৰাহে দেখা গৈছে।

আনছাৰীয়ে লগতে কয় যে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰীৰ এই স্থিতিয়ে অনাগত দিনত ভাৰতৰ ওপৰত অধিক চাপ সৃষ্টি কৰিব পাৰে। ভাৰতে এই স্পৰ্শকাতৰ বিষয়টোৰ বাবে ৰাষ্ট্ৰসংঘত সমস্যাৰ সন্মুখীন হ’ব পাৰে।

বিতৰ্কিত মন্তব্য কৰা বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মা আৰু নবীন জিন্দালৰ বিৰুদ্ধেবহু ৰাজ্যৰ থানাত গোচৰ ৰুজু কৰা হৈছে। তথাপি এতিয়ালৈকে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই৷

আনছাৰীয়ে কয় “শেহতীয়া সমস্যাটো সঠিক ৰাজনৈতিক ভাবে সমাধান কৰিব পাৰিব লাগিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু পূৰ্বেই বিষয়টোত হস্তক্ষেপ কৰিব লাগিছিল। “

আনছাৰীয়ে কয়, “মই ভাবো প্ৰধানমন্ত্ৰীয়ে সঠিক সময়ত সঠিক কথা ক’ব লাগিছিল।”

হামিদ আনছাৰীয়ে এই বুলিও কয় যে ইছলামিক সহযোগিতা সংগঠনৰ ৫২ খন সদস্য দেশ আছে। যদি এই ৫২ খন দেশ একত্ৰিত হয় আৰু ৰাষ্ট্ৰসংঘত ভাৰতৰ বিৰুদ্ধে স্থিতি লয়, তেন্তে ভাৰত চৰকাৰ ভীষণ চাপৰ সন্মুখীন হোৱাৰ আশংকাই অধিক।

আনছাৰীয়ে লগতে কয় এয়া কোনো ব্যক্তিৰ বিষয় নহয়। ই পৃথিৱীৰ প্ৰতিজন মুছলমানক প্ৰভাৱিত কৰিছে। গতিকে, বিষয়টোকলৈ এনে ধৰণৰ প্ৰতিক্ৰিয়া হোৱাটো স্বাভাৱিক।