NORTHEAST NOW (Assamese)
Uncategorized

বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰৰ ওপৰত আক্ৰমণ উদ্বেগজনক : চিপিআই(এম)

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 8, 2024 9:22 pm

শ্বেইখ হাচিনা চৰকাৰৰ স্বৈৰতান্ত্ৰিক কৰ্মকাণ্ডৰ বিৰুদ্ধে আৰু মুক্তিযুঁজাৰুৰ সতি-সন্ততিৰ বাবে অত্যধিক আসন সংৰক্ষণৰ প্ৰতিবাদত বাংলাদেশত যি ব্যাপক প্ৰতিবাদী ছাত্ৰ আন্দোলনৰ সূত্ৰপাত হৈছিল তাক কেন্দ্ৰ কৰি গণ বিদ্ৰোহ সংগঠিত হয়।

পৰিণতিত হাচিনা চৰকাৰৰ পতন হয় আৰু মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয়। এইখন চৰকাৰে কম সময়ৰ ভিতৰত এখন নিৰ্বাচিত চৰকাৰ প্ৰতিষ্ঠাৰ কাৰণে কাম কৰি যাব বুলি ঘোষণা কৰিছে। কিন্তু দেশখনত উদ্ভূত উত্তেজনা আৰু অৰাজকতাৰ সুযোগ লৈ ইছলামিক মৌলবাদী শক্তিবোৰ সক্ৰিয় হৈ পৰিছে।

এনে কেতবোৰ সংগঠনৰ আন্তৰ্জাতিক যোগাযোগ আছে। মৌলবাদী শক্তিবোৰে দেশখনৰ ধৰ্মীয় সংখ্যালঘু – হিন্দু, বৌদ্ধ, খ্ৰীষ্টানসকলৰ বিৰুদ্ধে প্ৰচাৰ আৰু আক্ৰমণ সংঘটিত কৰিছে। মৌলবাদী শক্তি কিছুমানে আগন্তুক দুৰ্গাপূজা পালন কৰিবলৈ দিয়া নহব বুলি দিয়া হুমকি অত্যন্ত উদ্বেগজনক।

চিপিআই(এম) অসম ৰাজ্যিক কমিটিয়ে বাংলাদেশৰ মৌলবাদী শক্তিবোৰৰ ধৰ্মীয় সংখ্যালঘু বিৰোধী কৰ্মকাণ্ডৰ তীব্ৰ নিন্দা কৰিছে। দেশখনৰ হিন্দুসকলে যাতে নিৰ্বিঘ্নে শাৰদীয় দুৰ্গোৎসৱ পালন কৰিব পাৰে সেয়া বাংলাদেশৰ চৰকাৰে নিশ্চিত কৰা প্ৰয়োজন। দলে ভাৰত চৰকাৰক কূটনৈতিক উদ্যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে যাতে বাংলাদেশত ধৰ্মীয় আৰু জনগোষ্ঠীয় সংখ্যালঘু সকলৰ নিৰাপত্তা আৰু মৌলিক অধিকাৰসমূহ সুনিশ্চিত কৰিব পৰা যায়।