NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড় নগৰত বাইকত অহা দুৰ্বৃত্তই পথচাৰীৰ পৰা কাঢ়ি নিলে ১.৭০ লাখ টকা

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী July 6, 2019 9:44 pm
robbery

ডিব্ৰুগড়ৰ থানা চাৰিআলিত আজি আৱেলি বাইকত অহা দুজন অচিনাক্ত যুৱকে অৰুণ গোহাঁই নামৰ এজন ব্যক্তিৰ পৰা ১.৭০ লাখ টকা কাঢ়ি নিয়াক লৈ নগৰখনত চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰাপ্ত তথ্য মতে বেংকৰ পৰা টকা উলিয়াই আহি থকা অৱস্থাতে দুৰ্বৃত্তৰ দলটোৱে গোহাঁইৰ পৰা টকাখিনি কাঢ়ি নিয়ে।

পিছত ঘটনা সংক্ৰান্তত গোহাঁইয়ে ডিব্ৰুগড় আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত কৰিবলৈ অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰ্যন্ত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই।

আৰক্ষীয়ে জনোৱা মতে অৰুণ গোহাঁইয়ে ডিব্ৰুগড় নগৰৰ এক্সিছ বেংকৰ পৰা টকা উলিয়াই নগৰখনৰ গোৱেংকা পথেৰে আহি থকা অৱস্থাতে বাইকত দুজন অচিনাক্ত যুৱকে তেওঁৰ পৰা টকাৰ বেগটো কাঢ়ি নিয়ে।

‘আমি ডিব্ৰুগড় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি অভিযান আৰম্ভ কৰিছো। আমাৰ অনুমান যুৱক দুজনে তেওঁক অনুসৰণ কৰি আছিল।‘ আৰক্ষীৰ এক সূত্ৰই কয়।

উল্লেখযোগ্য যে বিগত কেইটামান মাহত ডিব্ৰুগড় নগৰত কেইবাটাও এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে ইয়াক ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব পৰা নাই বুলি সচেতন মহলে অভিযোগ কৰে।