NORTHEAST NOW (Assamese)
অসম

বন্দী বিদেশী মুকলিৰ বিৰোধিতা কৃষক মুক্তিৰ, চৰকাৰক সমালোচনা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 12, 2019 6:21 pm
Akhil Gogoi to face court proceedings in sedition case

অসমৰ ডিটেনশ্যন কেম্পত বন্দী বিদেশীক কোনো কাৰণতে মুকলিৰ বিৰোধিতা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

উচ্চতম ন্যায়ালয়ৰ শেহতীয়া “চৰ্তসাপেক্ষ” বন্দীমুক্তিৰ নিৰ্দেশৰ বাবে সোণোৱাল চৰকাৰৰ শপতনামাক দায়ী কৰি কঠোৰ সমালোচনা কৰিছে সংগঠনটোৱে।

দেওবাৰে গুৱাহাটীত এক সংবাদমেলযোগে সংগঠনটোৰ নেতা অখিল গগৈয়ে অসমৰ চৰকাৰৰ শপতনামাক “সাংঘাতিক, জাতিধ্বংসী আৰু সংবিধান-আইনবিৰোধী”ৰূপে অভিহিত কৰিছে।

“বিদেশী ঘোষিত লোকক অসমত জামিনত মুকলি কৰি দিয়াৰ সিদ্ধান্ত আত্মঘাতী সিদ্ধান্ত। বিদেশী বুলি ঘোষিত হোৱাৰ পাছত ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত তথা কোনখন আইনৰ অধীনত বিদেশীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে?” বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক গগৈৰ প্ৰশ্ন।

এই উত্তৰ ৰাজহুৱাকৈ দিবলৈ তেওঁ ৰাজ্য-কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে।

একে সময়তে ডিটেনশ্যন কেম্পত বন্দীক “নৰকসদৃশ নিৰ্য্যাতন’’ চলোৱা অভিযোগো গগৈয়ে উত্থাপন কৰে।

লগতে পঢ়ক– হাইলাকান্দিৰ সংঘৰ্ষত হিন্দু-মুছলমান মৌলবাদী আৰু চৰকাৰৰ হাত ।।Video।।

গগৈয়ে কয় যে এনে ডিটেনশ্যন কেম্প চৰকাৰে “ভাঙি পেলোৱা” দৰকাৰ।

“সন্দেহৰ বশৱৰ্তী হৈ প্ৰকৃত ভাৰতীয় নাগৰিককো ডিটেনশ্যন কেম্পত যি অত্যাচাৰ চলোৱা হয়, যি নিৰ্য্যাতন কৰা হয়, যি নৰকসদৃশ পৰিৱেশৰ মাজত ৰখা হয়, তেনে ডিটেনশ্যন কেম্প ভাঙি দিয়া দৰকাৰ,” বন্দীৰ ওপৰত নিৰ্য্যাতন বন্ধ কৰা আৰু বিচাৰ প্ৰক্ৰিয়া স্বচ্ছ, ক্ষিপ্ৰ আৰু বিজ্ঞানসন্মত কৰিবৰ বাবে আহ্বান জনাই তেওঁ কয়।

আনহাতে ৩১ জুলাইত চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাত কাকো বাধা প্ৰদান নকৰিবলৈ আহ্বান জনাই গগৈয়ে “বিদেশী মুক্ত অসম লাগে” বুলি মন্তব্য কৰে।

“বিদেশীক লৈ ৰাজনৈতিক দলবিলাকে ৰাজনীতি কৰি থকা এক পৰিৱেশ নালাগে। বিদেশীৰ বজাৰখন বন্ধ হ’ব লাগে। বিদেশীৰ বজাৰক লৈ ৰাজনীতি আৰু চান্দা তুলি খোৱা, এইবিলাক আমাক নালাগে,” গগৈৰ মত।