NORTHEAST NOW (Assamese)
Popular Stories

মানৱ সভ্যতাক লজ্জানত কৰি মন্দিৰৰ ভিতৰত উলংগ হৈ ৩ বছৰীয়া শিশুক বলি দিয়াৰ চেষ্টা পৰিয়ালৰ

Posted by: ছাজিদ খান Updated by: ছাজিদ খান July 6, 2019 9:55 pm

বৈজ্ঞানিক ধ্যান-ধাৰণাৰে পুষ্ট হোৱাৰ পাছটো বহু শিক্ষিত লোকে ওজা-বেজালি-তান্ত্ৰিক আদিৰ তথাকথিত অতি-শক্তিৰ ওচৰত মুৰ দোৱায়। ওদালগুৰিত আজি এটি তিনিবছৰীয়া শিশুক বলি দিবলৈ লোৱা ঘটনাই এই কথা প্ৰমাণ কৰে।

ঘটনাৰ বিৱৰণি মতে আজি ওদালগুৰিত যাদৱ চহৰীয়া নামৰ এজন বিজ্ঞান শিক্ষকে নিজৰ পৰিয়ালৰ আন সাতজন সদস্যৰ সৈতে  মিলি ঘৰৰে এটা মন্দিৰৰ ভিতৰত উলংগ হৈ পূজা-অৰ্চনা কৰি খুলশালীয়েকৰ তিনি বছৰীয়া কন্যা শিশুটিক বলি দিবলৈ লৈছিল। যি ঘটনাই সমগ্ৰ অঞ্চলটোতে এক ব্যাপক উত্তেজনাৰ সৃষ্টি কৰে।

উল্লেখযোগ্য যে যাদৱ চহৰীয়াৰ পৰিয়ালটোৱে দৰং জিলাৰ বানেকুচি গাঁৱৰ ৰমেশ চহৰীয়া নামৰ এজন বেজৰ নিৰ্দেশত বিগত তিনিবছৰ ধৰি পূজা কৰি আহিছিল। আৰু আজি শেষভাগ পূজাৰ পিছতে কন্যা শিশুটি বলি দিয়াৰ কথা আছিল। পিছে সৌভাগ্য ক্ৰমে স্থানীয় ৰাইজ, আৰক্ষী আৰু নিৰাপত্তাবাহিনীৰ তৎপৰতাত শিশুটি ৰক্ষা পৰে।

লগতে আৰক্ষীয়ে প্ৰায় ৫ ঘণ্টাজোৰা চেষ্টাৰ অন্তত  উন্মাদ পৰিয়ালটোৰ আটাইকেইজন সদস্যকে আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী তথা স্থানীয় ৰাইজে এই বলি কাৰ্যত বাধা দিবলৈ উলংগ হৈ পূজা অৰ্চনাত ব্যস্ত থকা পৰিয়ালটোৰ আটাইকেইজন সদস্যই কুঠাৰ দাৰে আক্ৰমণ কৰিবলৈ উদ্যত হয়।

আৰক্ষীয়ে অৱশেষত গুলী চালনা কৰি হে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। গুলীচালনাত যাদৱ চহৰীয়াৰ ভৰিত গুলী লাগে।

মন কৰিব লগীয়া যে এই জঘন্য ঘটনাত তিনি বছৰীয়া শিশুটিৰ পিতৃ-মাতৃ আৰু আইতাকেও অংশ গ্ৰহণ কৰিছিল। যিটোৱে সকলোকে হতভম্ভ কৰি তুলিছে।