NORTHEAST NOW (Assamese)
অসম

অসমৰ এই আমোলাজনে কিয় ভংগ কৰিছে প্ৰ’ট’কল?

Posted by: এন ই নাও নিউজ September 29, 2018 11:33 pm
CM-1-750x375

ক্ষমতাৰ কৰিদৰত ‘মালিক’ক ‘সুখী’ ৰখাৰ চেষ্টাৰে, আশ্চৰ্য্যজনকভাৱে কিয় যে নিৰ্ধাৰিত বিভাগীয় প্ৰ’ট’কল ভংগ কৰিছে অসমৰ তথ্য আৰু জন সম্পৰ্ক বিভাগ-এ।

ডি আই পি আৰ-এ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে যোৱা দুটা বছৰত অসমত কৰা ভাল কামসমূহৰ আলোকপাত কৰি হিন্দীত ‘পৰিৱৰ্তন’ নামেৰে এখন দলিল ২০১৮ চনৰ ২৪ মে’ত প্ৰকাশ কৰিছিল।

Sonowal
অসম চৰকাৰৰ বিভাগীয় হিন্দী দলিল ‘পৰিৱৰ্তন’।

হিন্দী দলিলখনৰ বেটুপাতৰ ভিতৰফালে সম্পাদনা সমিতিৰ তালিকাখন ছপোৱা হৈছিল। তালিকাৰ শীৰ্ষত উপদেষ্টা সমিতিৰ দুজন সদস্যৰ নাম ছপা কৰা হৈছিল।

শীৰ্ষত আছিল মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ নাম আৰু তাকো ডাঙৰ হৰফ (Bold Font)ত, আৰু ইয়াৰ তলত আছিল অসম চৰকাৰৰ তদানীন্তন মুখ্য সচিব টি ৱাই দাসৰ নাম। মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টাৰ পদবী ৰাজ্যৰ মুখ্য সচিবৰ পদবীতকৈ উচ্চ খাপৰ নেকি?

অসমৰ কৰ্মচাৰী (এ’) বিভাগৰ প্ৰধান সচিব পি কে’ বৰঠাকুৰে দিয়া জাননী (AAP 130/2016/6, dated August 2, 2016) মতে হৃষীকেশ গোস্বামী– প্ৰয়াত সুৰেন্দ্ৰ নাৰায়ণ গোস্বামীৰ পুত্ৰ–ক অসম চৰকাৰৰ সচিবৰ পদ মৰ্য্যাদাৰে মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টাৰূপে নিযুক্তি দিয়া হৈছিল।

Notification-on-appoitmnet-of-Hrishikesh-207x300
মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টাৰূপে হৃষীকেশ গোস্বামীৰ নিযুক্তিৰ জাননীখনৰ প্ৰতিলিপি।

লগতে পঢ়ক- সোণোৱালক এগৰাকী দক্ষ মিডিয়া মেনেজাৰৰ প্ৰয়োজন হোৱা নাই নে?

মুকলিভাৱে উপলব্ধ গোস্বামীৰ নিযুক্তিৰ জাননীখন, আৰু পাঠকৰ সুবিধাৰ বাবে এই প্ৰতিবেদনৰ সৈতে সংলগ্ন কৰি দিয়া হৈছে। গোস্বামীৰ পদবী যদি অসমৰ সচিব পৰ্য্যায়ৰ, এইটো আশ্চৰ্য্যজনক ডি আই পি আৰ-এ কিয় তেওঁৰ নাম ডাঙৰ হৰফেৰে, তাকো মুখ্য সচিবৰ নামতকৈ আগত ছপা কৰিছিল।

ডি আই পি আৰ-ৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাই, অসম প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া হোৱা সত্বেও, অসম চৰকাৰৰ পদমৰ্য্যাদাৰ দলিল (Warrant of Precedence)ৰ নিৰ্ধাৰিত বিধি মানি চলাত খুব সম্ভৱ মূৰ ঘমোৱা নাই, আৰু ভাবিছে তেওঁৰ কাৰ্য্যকাল বৃদ্ধিৰ বাবে হৃষীকেশ গোস্বামীক ভালৰি লগোৱাতো গুৰুত্বপূৰ্ণ। বৰুৱাই ৩০ ছেপ্তেম্বৰত অৱসৰ লোৱাৰ কথা।

বৰুৱাই যে পদমৰ্য্যাদাৰ দলিল বা ব্ল্যু বুক (Blue Book) মানি চলা নাই সেয়া অধিক প্ৰকট হ’ল ডি আই পি আৰ-এ বুধবাৰে খানাপাৰাৰ অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা বিভাগীয় অনুষ্ঠানত। অনুষ্ঠানটো অসমৰ ১৬০ গৰাকী সাংবাদিকক স্বীকৃতি পত্ৰ দিয়াৰ বাবে আয়োজন কৰা হৈছিল। তাকো অনুষ্ঠানটো আৰম্ভ হ’ল দুঘণ্টা পলমকৈ, পুনৰ ৰাজ্য চৰকাৰৰ নিৰ্ধাৰিত প্ৰ’ট’কল ভংগ কৰি।

মঞ্চত থকা ৬ গৰাকী লোকৰ মধ্যভাগত আছিল মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আৰু আছিল মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী আৰু আইন উপদেষ্টা শান্তনু ভৰালীৰ দ্বাৰা দুয়োফালে বেষ্টিত হৈ। আনহাতে মুখ্য মন্ত্ৰীৰ সোঁ আৰু বাওঁ দিশে কোণত আছিল ক্ৰমে অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণা আৰু বিজেপি বিধায়ক বিমল বৰা আৰু আঙুৰলতা ডেকা।

অসম চৰকাৰৰ পদমৰ্য্যাদাৰ দলিল অনুসৰি বিমল বৰা আৰু আঙুৰলতা ডেকাৰ আসন মুখ্য মন্ত্ৰীৰ কাষত ৰাখিব লাগিছিল আয়োজক ৰাজীৱ প্ৰকাশ বৰুৱাই। আনকি অতিৰিক্ত মুখ্য সচিব সঞ্জয় কৃষ্ণাই মুখ্য মন্ত্ৰীৰ অধিক কাষৰ এখন আসন পাব লাগে।

বৰুৱাই নিৰ্ধাৰিত প্ৰ’ট’কল ভংগ কৰাৰ চেষ্টা কৰিছে কিয়? বহু চেষ্টাৰ পিছতো মন্তব্য গ্ৰহণৰ বাবে তেওঁ উপলব্ধ হোৱা নাই। তেওঁ ম’বাইল ফ’নটো ধৰা নাই।

তাৰোপৰি এই প্ৰতিবেদক শনিবাৰে বিয়লি তেওঁৰ কাৰ্য্যালয়লৈ যাওঁতে, তেওঁৰ ব্যক্তিগত সচিবে জনালে যে তেওঁ আছে অসম সচিবালয়ত, আৰু শনিবাৰে তেওঁ কাৰ্য্যালয়লৈ আৰু নাহে।