• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণোৱালক এগৰাকী দক্ষ মিডিয়া মেনেজাৰৰ প্ৰয়োজন হোৱা নাই নে?

মূলসুঁতিৰ মিডিয়া সংস্থাত কাম কৰাৰ কোনো অভিজ্ঞতা নাই মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 29, 2018 4:58 pm
hrishikesh goswami

হৃষীকেশ গোস্বামী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে এগৰাকী হাৰ্ভাৰ্ড-শিক্ষিত সপ্ৰতিভ মিডিয়া মেনেজাৰ ৰখাৰ সময়ত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো এগৰাকী সুদক্ষ মিডিয়া মেনেজাৰৰ প্ৰয়োজন নাই নে?

চ’চিয়েল মিডিয়াত ৰাজনৈতিক যুঁজ প্ৰতিদিনে অধিক শক্তিশালী হৈ গৈ থকাৰ লগে লগে মিডিয়াৰ প্ৰয়োজনীয়তাৰ সৈতে মোকাবিলা কৰিবলৈ সমগ্ৰ ভাৰতজুৰি ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰীসকলৰ বাবে অত্যাৱশ্যকীয় হৈ পৰিছে অতি দক্ষ মিডিয়া মেনেজাৰৰ।

Apply Now

মিডিয়া মেনেজমে’ণ্টৰ গুৰুত্ব উপলব্ধি কৰিয়েই মণিপুৰে এমেৰিকা-ফেৰৎ ৰাজহুৱা নীতি স্নাতক ৰজত শেঠিক মুখ্য মন্ত্ৰীৰ মিডিয়া মেনেজাৰ হিচাপে ৰাখিছে। আই আই টি-খৰগপুৰৰ বি টেক শেঠিৰ আছে এম আই টি স্ল’ন স্কুল অৱ মেনেজমে’ণ্ট আৰু হাৰ্ভাৰ্ড কেনেদি স্কুলৰ দ্বৈত ডিগ্ৰী।

বয়সত নবীন শেঠিয়ে ২০১৬ চনত অসমত বিজেপিৰ লক্ষণীয় নিৰ্বাচনী বিজয়ত পাইছিল বিশেষ স্বীকৃতি। চ’চিয়েল মিডিয়াৰ প্ৰয়োগেৰে বিজেপিৰ এজেণ্ডা অসমৰ ৩২ খন জিলাৰ যুৱচামলৈ কঢ়িয়াই নিছিল তেওঁৰ গোটে।

তাৰ বিপৰীতে অসমে মিডিয়া উপদেষ্টা হিচাপে পাইছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুৰণি বন্ধু হৃষীকেশ গোস্বামীক। গোস্বামী নামনি অসমৰ হাউলীৰ, আৰু আধুনিক যুগৰ মিডিয়া প্ৰয়োজন পূৰাব পৰাকৈ তেওঁৰ দক্ষতা সীমিত।

মূলসুঁতিৰ মিডিয়া সংস্থাত কাম কৰাৰ কোনো অভিজ্ঞতা নথকা গোস্বামী অসম শিশু সাহিত্য ন্যাসৰ সচিব পদতো আছে। অপেছাদাৰী পদ্ধতিৰ বাবেই এটা অনুষ্ঠানত প্ৰায় ২ ঘণ্টা পলমকৈ আহি বুধবাৰে সাংবাদিকৰ ওচৰত ক্ষমা বিচাৰিব লগা হৈছিল সোণোৱালে।

লগতে পঢ়ক- অপেছাদাৰী উপদেষ্টাৰ বাবে ক্ষমা ভিক্ষা মুখ্য মন্ত্ৰী সোণোৱালৰ

প্ৰায় সকলো মুখ্য মন্ত্ৰীয়ে এতিয়া প্ৰাক্তন সাংবাদিক, জ্যেষ্ঠ মিডিয়া পৰামৰ্শদাতা বা ৰাজহুৱা নীতি বিশেষজ্ঞক মিডিয়া মেনেজাৰ হিচাপে নিযুক্তি দিছে। দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱালে তেওঁৰ প্ৰে’ছ উপদেষ্টাৰূপে নিযুক্তি দিছে প্ৰাক্তন সাংবাদিক নগেন্দৰ শৰ্মাক। সাংবাদিক হিচাপে শৰ্মাৰ আছে দীঘলীয়া অভিজ্ঞতা, আৰু তেওঁ পিটিআই, বিবিচি আৰু হিন্দুস্তান টাইমছত কাম কৰিছিল।

আনকি মেঘালয়ৰ কনৰাদ চাংমা আৰু অৰুণাচল প্ৰদেশৰ পেমা খান্দুকে ধৰি উত্তৰ-পূবৰ আন মুখ্য মন্ত্ৰীসকলেও উন্নত মিডিয়া মেনেজমে’ণ্টৰ বাবে পেছাদাৰী ব্যক্তিৰ সেৱা ল’বলৈ আৰম্ভ কৰিছে।

‘‘অসমৰ মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টাসকল পেছাদাৰী নোহোৱা বাবেই ব্যস্ত ১৬০ গৰাকীতকৈও অধিক সাংবাদিকে তেওঁলোকৰ দুঘণ্টাতকৈও অধিক সময় অবাবত নষ্ট কৰিব লগা হয়,’’ মুখ্য মন্ত্ৰীৰ অনুষ্ঠানটোৰ নতুন সূচীৰ বিষয়ে ম’বাইলত এটা মেছেজ দিয়াটোও প্ৰশংসাযোগ্য হ’লহেঁতেন বুলি উল্লেখ কৰি এগৰাকী সাংবাদিকৰ মন্তব্য।

দেখা গৈছে যে তথ্যৰ চুপাৰ হাইৱে’, বিশেষকৈ টুইটাৰত, হৃষীকেশ গোস্বামী বাদেই তথ্য আৰু জন সংযোগ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাও সক্ৰিয় নহয়। গোস্বামীয়ে ২০১৫ চনৰ নৱেম্বৰত টুইটাৰত যোগ দিলে যদিও তেওঁৰ একাউণ্টৰ বিপৰীতে আছে মাত্ৰ ১৬টা টুইট (ৰি-টুইটকো ধৰি)।

অন্য মুখ্য মন্ত্ৰীসকলৰ মিডিয়া উপদেষ্টাসকল টুইটাৰত অতি সক্ৰিয়, তেওঁলোকৰ আছে বহু হাজাৰ ফ’ল’ৱাৰ। ৰজত শেঠিৰ আছে ২৬.৭ হাজাৰ টুইটাৰ ফ’ল’ৱাৰ। গোস্বামীৰ বিপৰীতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিজেই টুইটাৰত অধিক সক্ৰিয়, আৰু তেওঁৰ আছে ৬৫০ হাজাৰ ফ’ল’ৱাৰ।

গোস্বামীৰ নিযুক্তি যিহেতু ৰাজনৈতিক, সেয়ে আশা কৰা হৈছিল যে অসম অসামৰিক সেৱা বিষয়া হিচাপে তথ্য আৰু জন সংযোগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱা সামান্য পেছাদাৰী হোৱাতো উচিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm
দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

June 28, 2026 3:18 pm
চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm
দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

June 28, 2026 3:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd