NORTHEAST NOW (Assamese)
অসম

এছকাৰ্ড বেংকক পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ; মুখ্য মন্ত্ৰীৰ হাতত বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদন অৰ্পণ

Posted by: এন ই নাও নিউজ August 3, 2018 10:43 pm
DSC_2028

বৰ্তমান অচল হৈ পৰা অসম ৰাজ্যিক সমবায় কৃষি আৰু গ্ৰামোন্নয়ন বেংক চমুকৈ এছকাৰ্ড বেংকক পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই উদ্দেশ্যে গঠন কৰা বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদন আজি ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ দীপক বৰঠাকুৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে।

বিশেষজ্ঞ কমিটীৰ অধ্যক্ষ ভাস্কৰ বৰুৱা আৰু ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ মুখ্যকাৰ্যবাহী বিষয়া কে কে নাথৰ উপস্থিতিত মুখ্য মন্ত্ৰীৰ কাৰ্যালয় কক্ষত এই প্ৰতিবেদন অৰ্পণ কৰা হয়।

উল্লেখযোগ্য যে ৰাজ্যৰ কৃষি আৰু ইয়াৰ আনুষংগিক ক্ষেত্ৰখনত এই বেংকটোৱে ল’ব পৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ গভৰ্ণিং ব’ডিয়ে ২০১৭ চনৰ ২৯ আগষ্টত এই বেংকটোৰ ৰুগ্নতাৰ কাৰণ আৰু বেংকটোৰ পুনৰুজ্জীৱিতকৰণৰ সম্ভাৱনীয়তা ভালদৰে চাবৰ বাবে এখন বিশেষজ্ঞ কমিটী গঠন কৰি দিছিল।

বিশেষজ্ঞ সমিতিয়ে বেংক পৰিচালক, ৰাজ্যৰ সমবায় বিভাগ আৰু অন্যান্য সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে কৰা এলানি আলোচনাৰ অন্ততঃ তেওঁলোকৰ চূড়ান্ত প্ৰতিবেদন আজি মুখ্য মন্ত্ৰীৰ হাতত অৰ্পণ কৰে।