NORTHEAST NOW (Assamese)

এছিয়াৰ ভিতৰতে কেৱল মহিলাৰ দ্বাৰা পৰিচালিত একমাত্ৰ বজাৰৰ নতুন ভৱন উদ্বোধন

January 23, 2018 4:11 pm · সভাপতি চামম

প্ৰলয়ংকৰী ভূমিকম্পই বিধ্বস্ত কৰাৰ প্ৰায় দুবছৰৰ পিছত  মিণপুৰৰ পৌৰ প্ৰশাসন আৰু গৃহ আৰু নগৰ উন্নয়ন বিভাগে পুনৰ নিৰ্মাণ কৰি উলিয়ালে মহিলাৰ বজাৰগৃহ। নতুনকৈ নিৰ্মাণ কৰি উলিওৱা এই  ‘ইমা কেইথেল’ৰ  ভবনটো কালি বিভাগীয় মন্ত্ৰী থাউনজাম শ্যামকুমাৰে ভৱনটো উদ্বোধন কৰি ইম্ফল চহৰৰ মহিলাসকলৰ হাতত অৰ্পণ কৰে।

উল্লেখযোগ্য যে ২০১৬ চনৰ জানুৱাৰি মাহৰ ৭ তাৰিখে হোৱা প্ৰলয়ংকৰী ভূমিকম্পত এই বজাৰখনৰ প্ৰধান তিনিটা অট্টালিকাৰ ভিতৰত নিউ মাৰ্কেট (ইমইনু ইমা কেইথেল ) আৰু লক্ষী মাৰ্কেট ( ফৌঅইবি ইমা কাইথেল )ৰ ভৱন দুটা সম্পূৰ্ণ ধ্বংস হৈছিল। উক্ত ভূমিকম্পত ১০জন লোকৰ মৃত্যু হৈছিল ।

আনহাতে মন্ত্ৰীগৰাকীয়ে  বিগত নৱেম্বৰত উক্ত ভৱনটো অনাগত সৰস্ৱতী পূজাৰ দিনা মুকলি কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। এই বজাৰ দুখনত ক্ৰমে ৭২৮ আৰু ১১৯৫ গৰাকী মহিলাই ব্যবসায় কৰি আছিল। এই বজাৰখনৰ পুনৰ নিৰ্মাণত প্ৰায় ২২ কোটি টকা খৰচ হোৱা বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

উদ্বোধনী অনুষ্ঠানৰ ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে মহিলাসকলক এই বজাৰখনৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি চলিবলৈ  অহ্বান জনায়। তেওঁ লগতে বজাৰখন চাফ-চিকুণ কৰি ৰখাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

উল্লেখযোগ্য যে মণিপুৰৰ গৌৰৱ  এই বজাৰখন এছিয়াৰ ভিতৰতে কেৱল মহিলাৰ দ্বাৰা পৰিচালিত একমাত্ৰ বজাৰ।

Related News