NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ’ল বাথৌ ছান দিৱস

Posted by: এন ই নাও নিউজ January 23, 2018 5:05 pm
পূজাস্থলী

বড়ো সম্প্ৰদায়ৰ পৰম্পৰাগত বিশ্বাস অনুসৰি কোকৰাঝাৰ চহৰৰ লগতে বিভিন্ন অঞ্চলত মঙলবাৰে অগণন ভক্তৰ উপস্থিতিত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় বাথৌ ছান দিৱস ।

তদুপৰি কোকৰাঝাৰ চহৰৰ বাথৌ থানসালি’ত গৗথাৰ বাথৌ ছান দিৱসো বেছ উলহ মালহেৰে উদযাপন কৰা পৰিলক্ষিত হয়। থানসালি বাথৌ ছান দিৱসৰ প্ৰথম কাৰ্যসূচী ৰূপে মঙলবাৰে ৰাতিপুৱা বিভিন্ন সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা এটা বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় আৰু তাৰ পিছতে বিশ্ব শান্তিৰ হকে সমূহীয়া প্ৰাৰ্থনা সভা কৰে। থানসালি’ত অসংখ্য ভক্তৰ সমাগম হোৱা দেখা যায়।

ৰাজ্যৰ বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম বাথৌ ছান দিৱসত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত কয় যে বাথৌ ধৰ্মটো বড়ো সম্প্ৰদায় আৰু ৰাজ্যখনৰ জনজাতীয় খিলঞ্জীয়া লোকসকলৰ আটাইতকৈ পুৰণি ধৰ্ম।

উল্লেখযোগ্য যে ৰাজ্যখনত বাথৌ ধৰ্মটো জীয়াই ৰখাৰ উদ্দেশ্যৰে কোকৰাঝাৰৰ উল্টাপানীত এটা বাথৌ মন্দিৰ ৰিচাৰ্ছ চেণ্টাৰ স্থাপন কৰাৰ বাবে প্ৰমিলা ৰাণী ব্ৰহ্মই অনুদান দিয়া বুলিও কয়।

বাথৌ ছান দিৱসত মুখ্য অতিথি হিচাপে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী উপস্থিত হৈ কয় যে গৗথাৰ বাথৌ ছান আটাইতকৈ পুৰণি বাথৌ ধৰ্ম আৰু আমি সমাজত এই পুৰণি ধৰ্মটো জীয়াই ৰাখিব লাগিব।

ইয়াৰ উপৰি বিশিষ্ট অতিথি হিচাপে ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ো  বাথৌ ছান দিৱসত উপস্থিত থাকে।