NORTHEAST NOW (Assamese)
অসম

প্ৰতিষ্ঠা দিৱসত জেব্ৰা ফ’ৰ্চে শিল্পী, পেইণ্টাৰ আৰু ভাস্কৰ মণ্টু দাসলৈ আগ বঢ়ালে জেব্ৰা ফ’ৰ্চ বঁটা

Posted by: এন ই নাও নিউজ January 23, 2018 5:13 pm
প্ৰতিষ্ঠা দিৱসত জেব্ৰা ফ’ৰ্চে শিল্পী, পেইণ্টাৰ আৰু ভাস্কৰ মণ্টু দাসলৈ আগ বঢ়ালে জেব্ৰা ফ’ৰ্চ বঁটা

জেব্ৰা ফ’ৰ্চ নামৰ মঙলদৈৰ এটা স্বেচ্ছাসেৱী সংগঠনে অঞ্চলটোৰ এজন কৃতিমান পেইণ্টাৰ, ভাস্কৰ মণ্টু দাসলৈ তেওঁলোকৰ তৰফৰ পৰা প্ৰথমবাৰৰ বাবে আগ বঢ়োৱা জেব্ৰা ফ’ৰ্চ বঁটা আগ বঢ়াইছে। সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ স্বেচ্ছাসেৱী সংগঠনটোৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে পতা এক অনুষ্ঠানত এই বঁটা যুৱকজনৰ হাতত তুলি দিয়ে মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ খগেন্দ্ৰকুমাৰ নাথ আৰু টেলিভিশ্যন সাংবাদিক তথা নিউজ লাইভ নামৰ ব্যক্তিগত খণ্ডৰ ছেটেলাইট চেনেলৰ মেনেজিং এডিটৰ জাৰিৰ হুচেইনে। এই বঁটাত আছে এটা স্মাৰকচিহ্ন, এটা জাপি, গামোচা আৰু নগদ ১০ হাজাৰ টকা।

অনুষ্ঠানটোত ভাষণ দি সাংবাদিক জাৰিৰ হুচেইনে অসমৰ কিছু সংখ্যক সামাজিক-সাংস্কৃতিক সংগঠনে দেখুৱাই অহা সামাজিক দায়বদ্ধতাৰ শলাগ লয়। তেওঁ এনে দায়বদ্ধ স্বেচ্ছাসেৱী সংগঠনৰ ভিতৰত শিৱসাগৰৰ তৰুণ সংঘ আৰু মঙলদৈৰ জেব্ৰা ফ’ৰ্চৰ নাম বিশেষভাৱে উল্লেখ কৰে।

আনহাতে জেব্ৰা ফ’ৰ্চৰ অধ্যক্ষ দিগন্তমণি বৰাই সচিবদ্বয় হেমন্ত কুমাৰ বৰুৱা আৰু ভূপেশ কৃষ্ণ গোস্বামীৰ লগতে অন্যান্য সদস্যসকলৰ উপস্থিতিত সংগঠনটোৰ ৩৪ বছৰীয়া দীঘলীয়া যাত্ৰাৰ এক চমু বিৱৰণ দাঙি ধৰে। তেওঁ এই ক্ষেত্ৰত মঙলদৈবাসীৰো সহযোগিতাৰ শলাগ লয়।

উল্লেখযোগ্য যে জেব্ৰা ফ’ৰ্চৰ ৩৪ সংখ্যক বৰ্ষপূৰ্তি তিনিদিনীয়া কাৰ্য্যসূচীৰে পালন কৰা হৈছিল। অন্তিম দিনা শিল্পী মণ্টু দাসক বঁটা প্ৰদান কৰাৰ পিছতে সাংস্কৃতিক কাৰ্য্যসূচীও অনুষ্ঠিত কৰা হয়। ব্ৰিলিয়াণ্ট একাডেমিয়ে পৃষ্ঠপোষকতা কৰা এই সাংস্কৃতিক কাৰ্য্যসূচী মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে উদ্বোধন কৰে, য’ত দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, প্ৰাক্তন বিহু সাম্ৰাজ্ঞী তথা অভিনেত্ৰী ৰূপশিখা শালৈও উপস্থিত আছিল।