NORTHEAST NOW (Assamese)
অসম

কিম জঙকলৈ ৰহস্য ঘণীভূত; চীনে উত্তৰ কোৰিয়ালৈ পঠালে চিকিৎসকৰ দল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 25, 2020 1:23 pm
South Korea says Kim Jong Un is alive and well: Report

উত্তৰ কোৰিয়াৰ একনায়ক নেতা কিম জং উনৰ স্বাস্থ্যকলৈ সৃষ্টি হোৱা ৰহস্য ক্ৰমে আৰু ঘণীভূত হৈ পৰিছে।

আমেৰিকা আৰু দক্ষিণ কোৰিয়াকে ধৰি কেইবাখনো দেশৰ সংবাদ মাধ্যমৰ বাতৰিত কিমৰ স্বাস্থ্যৰ অৱনতিকলৈ বিভিন্ন ধৰণৰ দাবী কৰা হৈছে।

ইয়াৰ মাজতে চীনে তেওঁলোকৰ এটা চিকিৎসকৰ দল উত্তৰ কোৰিয়ালৈ প্ৰেৰণ কৰিছে।

বাতৰি অনুসৰি, উত্তৰ কোৰিয়াৰ বিতৰ্কিত নেতা কিম জঙৰ বেমাৰৰ খৱৰৰ মাজতে চীনে এটা চিকিৎসকৰ দল উত্তৰ কোৰিয়ালৈ প্ৰেৰণ কৰিছে।

কোৱা হৈছে যে চিকিৎসকৰ দলটো ইতিমধ্যে বেইজিঙৰ পৰা উত্তৰ কোৰিয়ালৈ ৰাওনা হৈছে। অৱশ্যে, কিমৰ স্বাস্থ্য সম্পৰ্কীয় কোনো শেহতীয়া খৱৰ প্ৰকাশ পোৱা নাই। চীনৰ চিকিৎসকৰ দলটো তাত উপস্থিত হোৱাৰ পাছতে তাৰ পৰা কিবা খৱৰ পোৱাৰ আশা কৰা হৈছে।

ইয়াৰ পূৰ্বে ছিউলৰ এটা ৱেবছাইটত কিম জং উনৰ স্বাস্থ্য ঠিক নহয় বুলি প্ৰকাশ পোৱাৰ কথা সদৰী হৈছিল যদিও তেতিয়াও তেওঁৰ স্বাস্থ্যৰ সম্পৰ্কত সম্পূৰ্ণ তথ্য দিয়া হোৱা নাছিল।

বাতৰি অনুসৰি, কাৰ্ডিঅ’ভেস্ক্যুলৰ ৰোগৰ বাবে কিম জঙৰ দীৰ্ঘদিনৰ পৰা চিকিৎসা চলি আছে। পাছত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে।

কিমৰ স্বাস্থ্যকলৈ আমেৰিকাৰ আৰু দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমত দুই ধৰণৰ দাবী কৰা হৈছে।

আমেৰিকাৰ সংবাদ মাধ্যমত চোৰাংচোৱা সূত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছিল যে কিং জং হয়তো ক’মাত আছে নহয়তো তেওঁৰ ব্ৰেইন ডেড হৈছে।

আনহাতে, দক্ষিণ কোৰিয়াৰ চোৰাংচোৱা সূত্ৰৰ উদ্ধৃতিৰে দেশখনৰ সংবাদ মাধ্যমে লিখিছিল যে কিম জঙৰ হাৰ্ট চাৰ্জাৰী চলি আছিল যদিও তেওঁৰ স্বাস্থ্যৰ অৱনতি সম্পৰ্কত কোনো তথ্য নাই।

কিম জঙৰ স্বাস্থ্যক লৈ বিভিন্ন বাতৰি প্ৰচাৰ হৈ থকাৰ মাজতে চীনে চিকিৎসকৰ দল প্ৰেৰণ কৰা বাতৰিয়ে স্বাভাৱিকতে ৰহস্য অধিক ঘণীভূত কৰি তুলিছে।

শেষবাৰৰ বাবে যোৱা ১২ এপ্ৰিলত কিম জং উনৰ ৰাজহুৱা উপস্থিতি ধৰা পৰিছিল।