NORTHEAST NOW (Assamese)
দেশ

ডিঙিত জোতাৰ মালা পিন্ধাই ৰচীৰে বান্ধি থু চেলেকিবলৈ বাধ্য কৰিলে ৭৫ বছৰীয়া বৃদ্ধক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 9, 2023 3:30 pm

উত্তৰ প্ৰদেশত সংঘটিত হৈছে আন এক অমানৱীয় ঘটনা। এইবাৰ এজন ৭৫ বছৰীয়া বৃদ্ধ ব্যক্তিৰ ওপৰত কৰা হৈছে অমানৱীয় অত্যাচাৰ। বৃদ্ধ ব্যক্তিজনৰ মুখত চিঞাহী সানি, ডিঙিত জোতাৰ মালা পিন্ধাই থু চেলেকিবলৈ বাধ্য কৰা হৈছে। 

উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰ জিলাৰ গোলহোৰা থানাৰ অন্তৰ্গত তিঘ্ৰা গাঁৱত বৃহস্পতিবাৰে সংঘটিত হৈছে এই অমানৱীয় ঘটনা। 

জানিব পৰা  মতে এই ঘটনাৰ ভুক্তভোগী ব্যক্তিজনৰ নাম মহব্বত আলী। শুকুৰবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই ঘটনাৰ ভিডিঅ’। 

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, গাঁওখনৰ এগৰাকী মহিলাৰ সৈতে কথা পাতি থকাৰ সময়ত মহিলাগৰাকীক অশালীন ইংগিত দিয়াৰ অভিযোগ উত্থাপন হৈছিল বৃদ্ধ ব্যক্তিজনৰ বিৰুদ্ধে। 

ইয়াৰ পিছতে স্থানীয় একাংশ লোক আহি বৃদ্ধলোকজনৰ মুখত চিঞাহী সানি, ডিঙিত জোতা চেণ্ডেলৰ মালা পিন্ধাই ৰছীৰে বান্ধি ৰাস্তাৰে খোজ কঢ়াই লৈ যায়।

কেৱল সেয়াই নহয়, বৃদ্ধ লোকজনক থু চেলেকিবলৈও বাধ্য কৰোৱা হয়।

ব্যক্তিজনে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ইতিমধ্যে এই ঘটনাৰ চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সম্প্ৰতি তেওঁলোক আৰক্ষীৰ জিম্মাত। আৰক্ষীয়ে জনোৱা মতে তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।