NORTHEAST NOW (Assamese)
অসম

অসম-মিজোৰাম সীমান্তত আৱিষ্কাৰ অষ্টম শতিকাৰ হিন্দু-বৌদ্ধ ভাস্কৰ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 9, 2023 3:46 pm
Buddhist sculpture

অসম-মিজোৰাম আন্তঃৰাজ্যিক সীমান্তৰ সমীপত অষ্টম শতিকাৰ এক হিন্দু-বৌদ্ধ ভাস্কৰ্য আৱিষ্কাৰ হৈছে। অসম বিশ্ববিদ্যালয়ৰ দৃশ্য কলা বিভাগৰ সহকাৰী অধ্যাপক ড০ গণেশ নন্দী আৰু গৱেষক ড০ বিনয় পলে এই ভাস্কৰ্যটি আৱিষ্কাৰ কৰে।

অসম-মিজোৰাম সীমান্তৰ সমীপৱৰ্তী পাহাৰীয়া অঞ্চলত এই শিল্পকৰ্ম আৱিষ্কাৰ হয়। হাইলাকান্দি জিলাৰ গাতে লাগি থকা মিজোৰামৰ মামিত জিলাৰ কোলালিয়ান গাঁৱত আৱিষ্কাৰ হয় ভাস্কৰ্যটি।

অঞ্চলটোৰ স্থানীয় জনসংখ্যাৰ অধিকাংশই হিন্দু দেৱতাক পূজা কৰা ৰেং জনজাতিৰ। ড০ নন্দীৰ মতে ত্ৰিপুৰাৰ উনাকোটি আৰু পিলাকত পোৱা ভাস্কৰ্যৰ সৈতে এই ভাস্কৰ্যৰ সাদৃশ্য আছে।

তেওঁ লগতে জানিবলৈ দিয়া মতে, তেওঁলোকে মাত্ৰ এটা পূৰ্ণ আকাৰৰ মূৰ্তিহে আৱিষ্কাৰ কৰিছে। ভাস্কৰ্যটি দেখাত ভগৱান বুদ্ধৰ দৰে। কিন্তু ভাস্কৰ্যটিৰ দেহৰ গঠৰ নাৰী দেহৰ দৰে বুলি তেওঁ উল্লেখ কৰে।

ড৹ নন্দীয়ে লগতে কয় যে, মূৰ্তিটো বুদ্ধ নে হিন্দু দেৱতাৰ সেই সম্পৰ্কে তেওঁলোক নিশ্চিত হোৱা নাই। কিন্তু কম্বোডিয়াত পোৱা বুদ্ধ মূৰ্তিৰ সৈতে এই শিল্পৰ সাদৃশ্য আছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

অধ্যাপক নন্দীয়ে কয় যে এই ভাস্কৰ্য্যসমূহৰ শিল্পৰূপ গুপ্ত আৰু পল যুগত (৭৫০০-১২০০ খ্ৰীষ্টাব্দৰ ভিতৰত) পোৱা শিল্পৰূপৰ সৈতে মিল আছে। ইফালে, গুৱাহাটীৰ পৰা ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপৰ দল এটাই এই স্থান পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে।