NORTHEAST NOW (Assamese)
অসম

এজাক বৰষুণতে বুৰ যায় সৰুক্ষেত্ৰীৰ কালঝাৰ পথ : বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ নীৰৱ ভূমিকাত ক্ষুব্ধ স্থানীয় লোক

Posted by: আনিচুজ জামান May 11, 2018 7:38 pm
Screenshot_20180511-113904

পৰিৱৰ্তনকামী চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ পোহৰলৈ আহিছে বৰেপটা জিলাৰ সৰুক্ষেত্ৰীত। হাউলী আৰক্ষী চকীৰ অন্তৰ্গত তথা ৪৬ নং সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰৱেশ দুৱাৰ কালঝাৰ চ’ক  বজাৰৰ পথৰ দুৰৱস্থা। এজাক সাধাৰণ বৰষুণ দিলেই পথছোৱাত সৃষ্টি হয় সাগৰ সদৃশ পৰিৱেশ।

বাৰম্বাৰ অভিযোগ দাখিল কৰাৰ পাছতো আজি পৰ্যন্ত নল’লে কোনো বিহিত ব্যৱস্থা। এই সম্পৰ্কত অঞ্চলবাসী ৰাইজে অভিযোগ কৰা অনুসৰি কালঝাৰৰ ৩১ নং ৰাষ্টীয় ঘাই পথৰ পৰা নামি যোৱা বৰপেটা চহৰ সংযোগী এই পথছোৱাত কালঝাৰ চ’কবজাৰ খনত সামান্য এজাক বৰষুন দিলেই পানীৰ তলত ডুব যায়৷ যাৰ ফলত দুৰ্ভোগ ভূগিবলগীয়া হৈছে স্কুল কলেজৰ শিক্ষাৰ্থীৰ লগতে সৰ্বসাধাৰণ ৰাইজ।

ইফালে দীৰ্ঘদিন ধৰি ৰাইজে ভুগি অহা এই সমস্যাৰ প্ৰতি স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰে আওকান কৰি অহা বুলি অভিযোগ উত্থাপন হৈছে।

মনকৰিবলগীয়া যে সঘনাই বিধায়ক শিকদাৰে এই পথছোৱাৰে অহা যোৱা কৰে যদিও কি কাৰণত পথছোৱাৰ এনে শোচনীয় অৱস্থা তেওঁৰ চকুত নপৰে তাকলৈ বিভিন্ন জনৰ মাজত প্ৰশ্ন উত্থাপন হৈছে৷

ৰাইজৰ দুৰ্দশাৰ প্ৰতি চকু দি অতি শীঘে উক্ত পথছোৱা পুনঃনিৰ্মাণ কৰি দিবলৈ বিধায়কজনক দাবী জনায়৷

উল্লেখ্য যে যদিহে এই ব্যস্ত পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰাৰ ব্যৱস্থা নলয় তেনেহ’লে স্থানীয় ৰাইজে ব্যাপক ৰূপত পথ অবৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷