NORTHEAST NOW (Assamese)

এন আই টি ছিকিমত পানীৰ ব্যাপক নাটনি, ৰাজ্য চৰকাৰৰ লগতো আলোচনা এন আই টি কৰ্তৃপক্ষৰ

February 13, 2018 4:17 pm · এন ই নাও নিউজ
এন আই টি ছিকিম

এন আই টি ছিকিমত যোৱা প্ৰায় এসপ্তাহ ধৰি পানীৰ নাটনি চলিছে।

এন আই টিৰ এগৰাকী জ্যেষ্ঠ শিক্ষকে জনাইছে যে চৌহদলৈ সদায় পানী অনাৰ বাবে এখন গাড়ীৰ ব্যৱস্থা কৰা হৈছে, কিন্তু অনুষ্ঠানটোত পানীৰ দৈনিক প্ৰয়োজনীয়তা পূৰাব পৰাকৈ ই পৰ্য্যাপ্ত নহয়।

সমস্যাটোৰ এক স্থায়ী সমাধান বিচাৰি এন আই টি ছিকিম কৰ্তৃপক্ষ হাবাথুৰি খাব লগা হৈছে আৰু এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰৰ লগতো আলোচনা কৰিছে।

সমস্যাটোৰ এক তৎকালীন সাময়িক সমাধান উলিওৱাৰ বাবে তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলৰ লগতো আলোচনা চলাই আহিছে।

২০১০ চনত স্থাপিত এন আই টি ছিকিম ৰাবংলাত ২০ একৰৰ এক অস্থায়ী চৌহদত চলি আছে। দেশৰ বিভিন্ন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা এই এন আই টিত ছিকিমৰ ছাত্ৰ-ছাত্ৰীক অগ্ৰাধিকাৰ দিয়া হয়।

Related News