NORTHEAST NOW (Assamese)
অসম

এন আৰ চিক লৈ প্ৰচাৰিত উৰা বাতৰিক কেন্দ্ৰ কৰি এজনৰ আত্মহত্যা

Posted by: এন ই নাও নিউজ ব্যৰো December 4, 2017 1:07 pm
এন আৰ চিক লৈ প্ৰচাৰিত উৰা বাতৰিক কেন্দ্ৰ কৰি এজনৰ আত্মহত্যা

এন আৰ চিকলৈ ৰাজ্যখনত চলি থকা নিত্য নতুন মোৰৰ মাজতে গোৱালপাৰা জিলাৰ জলেশ্বৰত এজন লোকৰ আত্মহত্যাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে ৩ ডিচেম্বৰত জলেশ্বৰৰ বাঁহমূৰা গাঁৱৰ আনোৱাৰ হুছেইনে তেওঁৰ জীয়ৰীৰ নামত নাগৰিকত্ব বিধি ২০০৩ ৰ পৰিশিষ্টৰ ৩(৪) ধাৰাৰ অধীনত জাৰি কৰা জাননী পত্ৰ লাভ কৰে। উক্ত পত্ৰ পাই দুঃচিন্তাত মানসিকভাৱে ভাগি পৰা লোকজনে এই সম্পৰ্কত কোনো লোকৰ পৰামৰ্শ বিচৰা নাছিল। উল্লেখযোগ্য যে আনোৱাৰ হুছেইনে তেওঁৰ জীয়ৰীৰ নামটো এন আৰ চিৰ তালিকাত অন্তৰ্ভুক্ত নহ’ব বুলি ধাৰণা কৰাৰ লগতে  বাংলাদেশলৈ প্ৰেৰণ কৰা হ’ব বুলি ভীতিগ্ৰস্ত হৈ পৰে। ফলত কালি নিশা তেওঁ নিজ গৃহতেই কীটনাশক দ্ৰব্য সেৱন কৰে। পুৱা পৰিয়ালৰ লোকে আনোৱাৰক অচেতন অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও তেওঁৰ চিকিৎসালয়লৈ নিয়া অৱস্থাতে মৃত্যু হয়। আনহাতে আজি কিছু দিন ধৰি  অঞ্চলটোত এন আৰ চিৰ পৰা বহু লোকৰ নাম বাদ পৰিব বুলি এক উৰা বাতৰি প্ৰচাৰ হৈ আহিছিল। ইয়াৰ পৰিণতিতে আনোৱাৰে আতংকিত হৈ আত্মহত্যাৰ দৰে পথ বাচি লয় বুলি স্থানীয় ৰাইজে অনুমান কৰিছে।