NORTHEAST NOW (Assamese)
অসম

এন আৰ চিত ভুৱা তথ্য দাখিল : বৰপেটাত দুজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ May 4, 2018 7:42 am
এন আৰ চি

বৰপেটাত ভুৱা পৰিচয়েৰে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলাই আৰক্ষীৰ জালত পৰিল দুজন পুৰুষ-মহিলা। অভিযুক্ত পুৰুষ-মহিলা দুগৰাকী হ’ল ক্ৰমে বৰপেটাৰ কুৰিহা গাঁৱৰ কালু দেৱান আৰু কয়াকুছি পথাৰ গাঁৱৰ চাহিয়া বেগম।

বংশবৃক্ষ পৰীক্ষণৰ সময়ত চাহিয়া বেগমক নিজৰ কন্যা সন্তান বুলি পৰিচয় কৰাই দিছিল কালু দেৱানে। অনুসন্ধানত চাহিয়া বেগম কালু দেৱানৰ কন্যা নহয় বুলি প্ৰমাণিত হয়।

সত্যাসত্য নিৰূপণৰ সময়ত অনুসন্ধানকাৰী বিষয়াই কালু আৰু চাহিয়াৰ জালিয়াতি ধৰা পেলায়।

এন আৰ চিৰ দায়িত্ববাহী বিষয়াৰ অভিযোগৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত জেল হাজোতলৈ প্ৰেৰণ কৰা হয় কালু দেৱান আৰু চাহিয়া বেগমক।

উল্লেখযোগ্য যে এন আৰ চিত আনৰ লিগেচী ডাটা ব্যৱহাৰ কৰি  ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ যোৱা এগৰাকী মহিলাক যোৱা ৮ এপ্ৰিলত নগাঁৱত গ্ৰেপ্তাৰ কৰা হৈছিল। জালিয়াতিৰে আনৰ লিগেচী জমা দি নিজকে সংশ্লিষ্ট ব্যক্তিগৰাকীৰ আত্মীয় বুলি দাবী কৰা ছাহেৰা বেগম নামৰ মহিলাগৰাকীক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পিছতে যোৱা ১১ এপ্ৰিলত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা পৰিয়ালৰ লিগেচী ডাটা ব্যৱহাৰ কৰি ভুৱা বংশবৃক্ষৰ তথ্য সন্নিৱিষ্ট কৰি এটি বাংলাদেশী পৰিয়ালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰাৰ অপচেষ্টাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছিল।

আনহাতে, যোৱা ২১ এপ্ৰিলত ধুবুৰীত এন আৰ চিৰ নামত জালিয়াতি কৰা দুই চৰকাৰী বিষয়া স্বপন দত্ত আৰু ফিদ্দুজ জামানক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল।

নগাওঁ জিলাৰ মিচামুখ পাম উলুৱনি গাঁৱৰ বাসিন্দা জিতেশ চন্দ্ৰ দাসক আনৰ লিগেচী ব্যৱহাৰ কৰি নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে প্ৰচেষ্টা চলোৱাৰ অভিযোগত যোৱা ২৮ এপ্ৰিলত গুৱাহাটীত পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

এনেদৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ভুৱা তথ্য দাখিলেৰে নাম অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলোৱা বহু গোচৰ ৰুজু হোৱা বুলি জানিব পৰা গৈছে।