NORTHEAST NOW (Assamese)
অসম

২০২০ বৰ্ষৰ বিশ্ব ক্ষুধাতুৰ সূচাংকত পাকিস্তান, বাংলাদেশতকৈও তলত স্থান ভাৰতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 17, 2020 12:26 pm

২০২০ বৰ্ষত সমগ্ৰ বিশ্বত ক্ষাধাতুৰৰ ধাৰণা আৰু অপুষ্টিত ভোগা লোকৰ সংখ্যা জনাৰ বাবে  চলোৱা বিশ্ব ক্ষুধাতুৰ সূচাংকত ভাৰতে ৯৪ সংখ্যক স্থান অধিকৰ কৰে।

বিশ্ব ক্ষুধাতুৰ সূচাংক নিৰ্ণয়ৰ বাবে বিশ্বৰ ১০৭ খন দেশত চলোৱা এই অভিযানত ভাৰতে ৯৪ সংখ্যক স্থান দখল কৰে।

ভাৰতে এই ক্ষেত্ৰত ইয়াৰ চুবুৰীয়া দেশ পাকিস্তান, নেপাল, বাংলাদেশ আৰু শ্ৰীলংকাতকৈও তলত স্থান অধিকাৰ কৰে।

পাকিস্তানে ৮৮ সংখ্যক, বাংলাদেশে ৭৫ সংখ্যক, নেপালে ৭৩ সংখ্যক আৰু শ্ৰীলংকাই ৬৪ সংখ্যক স্থান অধিকাৰ কৰে।

এই তথ্য অনুসৰি ভাৰতৰ ১৪ শতাংশ লোক অপুষ্টিত ভূগি আছে।

ভাৰতে বিশ্ব ক্ষুধাতুৰ সূচাংকত মাত্ৰ ২৭.২ নম্বৰ হে অধিকাৰ কৰিবলৈ সক্ষম হয়।

ভাৰতে বিশ্ব ক্ষুধাতুৰ সূচাংকৰ ক্ষেত্ৰত  গম্ভীৰ স্থানত আছে।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ সময়ত ভাৰতত ক্ষুধাতুৰ লোকৰ সংখ্যা বৃদ্ধি পাব বুলিও বিশ্বৰ বিভিন্ন সংস্থাই আশংকা প্ৰকাশ কৰিছে।