NORTHEAST NOW (Assamese)

এন আৰ চিয়ে অসমত স্থান দিব একাংশ সংখ্যালঘুক যিয়ে অসমীয়াক ক্ষতি কৰিব : ৰাজেন গোহাঁই

June 20, 2018 9:45 pm · মিন্টু দাস
কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই। ফাইল ফটো

”ভাষা এটা জাতিৰ পৰিচয়  হ’ব নোৱাৰে। নাগৰিকত্ব বিলখন জাতিধ্বংসী বিল বুলি একাংশই ভুৱা প্ৰচাৰ চলাই আছে। অসমৰ ৰাইজে নাজানেই নাগৰিকত্ব বিলখনত আচলতে আছে কি। এন আৰ চিয়ে অসমত স্থান দিব একাংশ সংখ্যালঘুক। যিয়ে ক্ষতি কৰিব অসমৰ অসমীয়াক,”- এই মন্তব্য নগাওঁ সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় ৰে’ল ৰাজিক মন্ত্ৰী ৰাজেন গোহাঁইৰ।

লামডিঙৰ ঝুলনপুৰ নদীৰ ওপৰত এখনি পকী দলঙৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰীগৰাকীয়ে৷

ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে কয় যে দিনক দিনে বাঢ়ি গৈছে সংখ্যালঘুৰ সংখ্যা। যিয়ে সমগ্ৰ বিশ্বতে এটা সময়ত হিন্দুসকলৰ বাবে ভয়ংকৰ পৰিবেশৰ সৃষ্টি কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে আৰু কয়, ‘’বিজিপি চৰকাৰে অসমীয়াৰ বিৰুদ্ধে বা অসমীয়াৰ স্বাভিমানৰ বিৰুদ্ধে একো বেয়া নকৰে।‘’

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ নিৰ্বাচনৰ মূল এজেণ্ডাই আছিল যে সকলো হিন্দুকে নাগৰিকত্ব প্ৰদান কৰাতো। অতিশয় গুৰুত্বপূৰ্ণ বিষয় যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ কাম সম্পূৰ্ণ হ’বলৈ গৈ থকাৰ সময়তে কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰীগৰাকীয়ে কৰা এনে মন্তব্যই আগন্তুক সময়ত কি পৰিস্থিতিৰ সৃষ্টি কৰে সেয়া লক্ষণীয় বিষয় হৈ পৰিছে।

Related News