NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ আঁৰৰ ব্যক্তি প্ৰদীপ ভূঞা আৰু অভিজিৎ শৰ্মালৈ কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ বঁটা

Posted by: কল্পজ্যোতি শইকীয়া August 5, 2018 7:27 pm
এন আৰ চিৰ আঁৰৰ ব্যক্তি প্ৰদীপ ভূঞা আৰু অভিজিৎ শৰ্মালৈ কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ বঁটা

‘এন আৰ চিৰ সমাপ্তিত এ পি ডব্লিউৰ অধ্যক্ষ অভিজিৎ শৰ্মালৈ চহিদ খৰ্গেশ্বৰ তালুকদাৰ সোঁৱৰণি বঁটা আৰু সমাজসেৱক প্ৰদীপ ভূঞালৈ হেমাই বড়ি সত্ৰৰ বৰবায়ন স্বৰ্গীয় গোৰাই বায়ন কলিতা সোঁৱৰণি বঁটা প্ৰদান কৰা হ’ব।’

আজি দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই।

উল্লেখযোগ্য যে, অহা ১০ ডিচেম্বৰত দুয়োগৰাকীকে কৃষক শ্ৰমিক উন্নয়ন পৰিষদে উক্ত বঁটা দুটা প্ৰদান কৰিব বুলি কলিতাই আজিৰ সংবাদমেলত জানিবলৈ দিয়ে। প্ৰদীপ ভূঞা আৰু অভিজিৎ শৰ্মাই  বিদেশী মুক্ত অসম গঢ়াৰ স্বাৰ্থত নিজৰ স্বাৰ্থত্যাগ আগবাঢ়ি উলাই অহা বুলি উল্লেখ কৰি তেওঁ কয়, ‘ভোটবেংকৰ স্বাৰ্থত কংগ্ৰেছ, বিজেপি, অগপ, এ আই য়ু ডি এফে এন আৰ চিৰ কৃতিত্ব লোৱাৰ প্ৰতিযোগিতাত নামি পৰিছে। এই কথা অসমবাসীৰ বাবে লজ্জাজনক।’

আনহাতে, উক্ত সংবাদমেলতে তেওঁ অন্য এক প্ৰসংগ উত্থাপন কৰি কয়, ‘এন আৰ চি সম্পূৰ্ণ নোহোৱাৰ সময়তে মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত কিছুমান লোকে চেক গেট পাতি সাধাৰণ জনসাধাৰণক হাৰাশাস্তি কৰিছে, যাৰ ফলত ৰাজ্যকেইখনৰ লগত অসমৰ সংঘাত সৃষ্টি হোৱাৰ আশংকা দেখা গৈছে।’

ইয়াৰ উপৰি কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পূৰ্বেই অসম চৰকাৰে চুবুৰীয়া ৰাজ্যকেইখনৰ সৈতে আলোচনা কৰি এক সু-সিদ্ধান্ত গ্ৰহণ কৰিব লাগে প্ৰদীপ কলিতাই অসম চৰকাৰক আহ্বান জনায়।