NORTHEAST NOW (Assamese)
অসম

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এঘণ্টা সাক্ষাৎ কৰি কি কথা পাতিলে অখিলে?

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী November 21, 2021 7:54 pm

বিধায়ক অখিল গগৈয়ে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কইনাধৰাত সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাৰ মাজত অহি-নকুল সম্পৰ্ক থকাৰ মাজতে এই সাক্ষাৎ তাৎপৰ্যপূণ বিবেচিত হৈছে।

শিৱসাগৰ উন্নয়নৰ সম্পৰ্কে মুখ্য মন্ত্রীৰে দীঘলীয়া আলোচনা বিধায়ক অখিল গগৈয়ে।

প্ৰায় এঘণ্টা জোৰা আলোচনা কৰে দুয়োগৰাকীয়ে।

মুখ্যমন্ত্ৰীক ইতিমধ্যে চাৰিখন স্মাৰক পত্ৰ দাখিল কৰিলে অখিল গগৈয়ে।

শিৱসাগৰ অসামৰিক হস্পিতালক মেডিকেল কলেজলৈ ৰূপান্তৰিত কৰা, পুৰাতাত্ত্বিক সমলৰ সংৰক্ষণ, ৱৰ্ল্ড হেৰীতেজ চাইড ঘোষণা, কৃতিচিহ্ন সমূহৰ উন্নয়নৰ বিষয়ে আলোচনা কৰিলে মুখ্যমন্ত্ৰীৰ লগত।

মুখ্যমন্ত্ৰীক বিশেষ ভাবে প্ৰথমে state হেৰিটেজ ছাইট হিচাপে শীঘ্ৰে ঘোষণা কৰিবলৈ দাবী জনালে অখিল গগৈয়ে।

দুবছৰৰ ভিতৰত শিৱসাগৰ কলেজক বিশ্ব বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে।

স্বাস্থ্যখণ্ডৰ সমস্যা সমাধানৰ বাবে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ সৈতে আলোচনাত বহিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

শিৱসাগৰৰ কৰ্কট ৰোগীৰ সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

শিৱসাগৰ টাউনত ষ্ট্ৰীট লাইট শীঘ্ৰেই সংযোগ দিবৰ বাবে নিৰ্দেশ দিয়ে আৰু বিধায়ক অখিল গগৈক কাম আৰম্ভ কৰিবলৈ কয়।

জিলা প্ৰশাসনে অখিল গগৈক অসহযোগিতা কৰাৰ প্ৰসংগও মুখ্যমন্ত্ৰীক উত্থাপন কৰে অখিল গগৈয়ে।