NORTHEAST NOW (Assamese)
অসম

বিশ্ব জয়েৰে সোণালী ইতিহাস সৃষ্টি অংকুশিতা বড়োৰ

Posted by: এন ই নিউজ ব্যুৰো, গুৱাহাটী: November 26, 2017 4:28 pm

গুৱাহাটীত আজি সামৰণি পৰা বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ ফাইনেলত ৰাছিয়ান প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে জয় সাব্যস্ত কৰি অসমৰ অংকুশিতা বড়োৱে অসমৰ ক্ৰীড়াৰ জগতত এক সোণালী ইতিহাসৰ সংযোজন ঘটালে। প্ৰতিযোগিতাখনৰ ৬৪ কেজি শাখাৰ ফাইনেলত অংকুশিতাই শক্তিশালী প্ৰতিপক্ষক হৰুৱাই অসমবাসীৰ বাবে এই সুখবৰ কঢ়িয়াই আনে। আনহাতে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাটোও তেৱেঁ লাভ কৰে। খেলত বেচ আত্মবিশ্বাসেৰে নমা অংকুশিতাক আজি দৰ্শকৰ গেলাৰিৰ পৰা স্থানীয় দৰ্শকে অহৰহ উৎসাহ দিয়া দেখা গৈছিল। দৰ্শক হিচাপে উপস্থিত থকা দেখা গ’ল অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈক। আনহাতে অংকুশিতাৰ ককায়েক, যিজন এজন ভলিবল খেলুৱৈ, দৰ্শক হিচাপে উপস্থিত আছিল। অংকুশিতাৰ এই জয়ত অসমবাসীয়ে যে অভূতপূৰ্ব ধৰণৰ গৰ্ব অনুভৱ কৰিছে তাৰ প্ৰমাণ সকলো মিডিয়াত তেওঁৰ নাম চৰ্চাই প্ৰমাণ কৰে। বিশেষকৈ এই কেইটা দিনত ছচিয়েল মিডিয়াত অংকুশিতাৰ নাম ব্যাপকভাৱে চৰ্চা হৈ আছে। বহুতে তেওঁক অসমৰ মেৰি কম আখ্যা দিছে। এটা সাধাৰণ, আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ সীমাবদ্ধতাৰ মাজৰ পৰা অহা অংকুশিতাই গোটেই অসম তথা ভাৰতকে গৌৰৱিত হোৱাৰ সুযোগ দিলে। বিশ্ব খিতাপ জয় কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰপৰা বঁটা গ্ৰহণ কৰোঁতে অংকুশিতাই নিজৰ চকুপানী ধৰি ৰাখিব পৰা নাছিল। এন ই নাওৰ তৰফৰ পৰাও খেলুৱৈগৰাকীলৈ আন্তৰিক শুভেচ্ছা জনোৱা হ’ল আৰু তেওঁৰ উত্তৰোত্তৰ কামনা কৰা হ’ল।

 

https://www.youtube.com/watch?v=y3imYuk8Ma8