NORTHEAST NOW (Assamese)
অসম

স্বগৃহত উপস্থিত হৈ সামাজিক কামত জড়িত হৈ পৰিছে হিমা

Posted by: মিণ্টু দাস September 13, 2018 6:51 pm
স্বগৃহত উপস্থিত হৈ সামাজিক কামত জড়িত হৈ পৰিছে হিমা

এছিয়াডত কৰা উন্নত প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা প্ৰশাসনৰ সম্বৰ্ধনা গ্ৰহণ কৰি হিমাই নগাঁও জিলাৰ ধিংস্থিত বাসগৃহত উপস্থিত হৈ আৰাম কৰাৰ বিপৰীতে নিজকে ব্যস্ত কৰি ৰাখিছে ৰাজহুৱা কামত।

স্বগৃহত উপস্থিত হোৱাৰ লগে লগে হিমাৰ বাসগৃহত মানুহে বিৰদি বাট নোপোৱা অৱস্থা হৈছে। কিন্তু ইয়াৰ মাজতে নিজক জড়িত কৰিছে গছপুলি ৰোপণ কাৰ্যত।  যি কামৰ জৰিয়তে সমাজৰ পৰিৱেশ সুস্থিৰ আৰু চাফ-চিকুণ হৈ থাকিব।

হিমাই আজি ফেন ক্লাবৰ সহযোগত নিজৰ গাঁৱত থকা নামঘৰৰ প্ৰাংগণত বৃক্ষ ৰোপণ কৰে। লগতে হিমাই ফেন ক্লাৱৰ সৌজন্যত ‘প্লাষ্টিক বৰ্জন কৰো আহক’ শীৰ্ষক অনুষ্ঠানটোৰ জৰিয়কে প্লাষ্টিক বৰ্জনৰ আহ্বান জনায়।

প্ৰদূষণমুক্ত কৰাৰ বাবে হিমাই গাঁৱৰ পৰাই এই প্ৰচেষ্টা আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে। এই উপলক্ষে হিমাই এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি আজিৰ দিনটোতে ফেন ক্লাবৰ সহযোগত তিনি হাজৰ নিমপুলি ৰোপণ কৰে।