NORTHEAST NOW (Assamese)
অসম

মৰ্মান্তিক ঘটনা! বিয়াৰ পিছদিনাই হাৰ্ট এটেকত মৃত্যু পতি-পত্নীৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী June 6, 2023 11:56 am

এক মৰ্মান্তিক ঘটনাত বিয়াৰ পিছদিনাই হাৰ্ট এটেক হৈ পতি-পত্নীৰ মৃত্যু ঘটিছে। নৱবিবাহিত দম্পতীৰ মৃতদেহ উত্তৰ প্ৰদেশৰ তেওঁলোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে।

যোৱা মঙলবাৰে নিশা ২৪ বছৰীয়া প্ৰতাপ যাদৱে ২২ বছৰীয়া পুষ্পা যাদৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বুধবাৰে উত্তৰ প্ৰদেশৰ বাহৰাইচৰ ঘৰলৈ উভতি আহে নৱবিবাহিত দম্পতী।

লগতে পঢ়ক: HS result-2023: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

বিবাহৰ পিছৰ ৰীতি-নীতি, আচাৰ-অনুষ্ঠান পালন কৰি নিশা দুয়ো শুবলৈ যায়। বৃহস্পতিবাৰে পুৱা ঘৰৰ পৰা উদ্ধাৰ হয় দম্পতীহালৰ মৃতদেহ।

স্থানীয় আৰক্ষী অধীক্ষক প্ৰশান্ত ভাৰ্মাই কয় যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পতি-পত্নী দুয়োৰে হাৰ্ট এটেকত মৃত্যু হোৱাটো স্পষ্ট হৈছে।

লগতে পঢ়ক: দেশৰ প্ৰায় ২০০০ লোকক ঋণ দিয়াৰ নামত লুটা প্ৰৱঞ্চক চক্ৰ উৎখাত দিল্লী আৰক্ষীৰ; ৬জনক গ্ৰেপ্তাৰ

স্থানীয় প্ৰশাসনে জনোৱা মতে, তেওঁলোকৰ পূৰ্বৰ কোনো চিকিৎসাজনিত ৰোগৰ ৰেকৰ্ড নাই। তেওঁলোকৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ চিনো পোৱা নগ’ল। এই ৰহস্যজনক মৃত্যুৰ কাৰণ জানিবলৈ তদন্ত অব্যাহত আছে।