NORTHEAST NOW (Assamese)
অসম

কোভিড-১৯ শেষ নোহোৱালৈকে বন্ধ থাকিব নেকি নিযুক্তি প্ৰক্ৰিয়া? কি ক’লে মন্ত্ৰী হিমন্তই?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 19, 2020 12:34 pm
WhatsApp Image 2020-07-19 at 11.45.26 AM

কোভিড-১৯ ভাইৰাছ শেষ নোহোৱালৈকে ৰাজ্যত চৰকাৰী চাকৰিত নিযুক্তি প্ৰক্ৰিয়া বন্ধ থাকিব বুলি বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল।

তাৰ পাছতে এই খবৰ মিছা বুলি টুইটাৰযোগে প্ৰকাশ কৰিছে স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

আনকি সংবাদ মাধ্যমত প্ৰকাশিত এই বাতৰিয়ে তেওঁক দুঃখিত কৰা বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰে।

“মই নাজানো কিয় সংবাদ মাধ্যমে ডাল-জোৰা লগাই মোৰ মন্তব্যবোৰ প্ৰকাশ কৰে। নিযুক্তি বন্ধ কৰাৰ তেনে কোনো সিদ্ধান্ত হোৱা নাই।” টুইটাৰত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

তেওঁ লগতে কয়, “আমি সকলো বিভাগকে বিভিন্ন পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰাৰ লগতে নিযুক্তি দিবলৈ উদগনি দিছো।”