NORTHEAST NOW (Assamese)
অসম

ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি দাবীৰে ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰীলৈ পত্ৰ দিব শিৱসাগৰৰ যুৱকে; ডিমৌত সংগ্ৰহ গণস্বাক্ষৰ

Posted by: হিতোজ্বল চেতিয়া April 1, 2018 11:24 pm

শেহতীয়াকৈ অসমত সংঘটিত হোৱা ধৰ্ষণৰ দৰে কেতবোৰ নাৰকীয় ঘটনাই ৰাজ্য খনৰ চাৰিওফালে কঁপাই তোলাৰ পৰতে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি় আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিবলৈ ওলাইছে শিৱসাগৰৰ যুৱক শ্ৰীমন্ত দত্ত।

এই পত্ৰৰ সৈতে ৰাইজৰ স্বাক্ষৰো গাঁথি দিয়াৰ বাবে যুৱকজনে আৰম্ভ কৰিছে স্বাক্ষৰ সংগ্ৰহ অভিযান। যুৱকজনে প্ৰথমে ফে’ছবুকৰ দ্বাৰা জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই এতিয়া বিভিন্ন প্ৰান্তৰ পৰা বহুলোক আগ বাঢ়ি আহিছে তেখেতক সহযোগ কৰাৰ বাবে।

যুৱকজনে জনোৱা মতে এই গণস্বাক্ষৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গ্ৰহণ কৰা হ’ব।

আজি ডিমৌত গণস্বাক্ষৰ গ্ৰহণ কৰা হয়।  ডিমৌৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ দুৱাৰে দুৱাৰে ঘূৰি গণস্বাক্ষৰ গ্ৰহণ কৰা হয়।

এনেবোৰ ঘটনাই অসম তথা দেশখনক যাতে লজ্জাগত কৰিব নোৱাৰে তাৰ বাবে সেই অপৰাধীবোৰৰ বিৰুদ্ধে এক কঠোৰ ব্যৱস্থা প্ৰণয়নৰ দাবীত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ গণস্বাক্ষৰ সম্বলিত একোখনিকৈ পত্ৰ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে।